প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩২২ লোকক প্ৰদান কৰিব আৱাস গৃহ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩২২ লোকক প্ৰদান কৰিব আৱাস গৃহ
Published on

তেজপুৰ চহৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱাস গৃহৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰা হৈছে।অতি শীঘ্ৰে তেজপুৰবাসীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ ৪৮৬ ঘৰ চৰকাৰৰ তৰফৰ পৰা এই সুবিধা লাভ কৰিব।যোৱা সোমবাৰে অনুষ্ঠিত হোৱা আধাৰশিলা স্থাপনৰ নেতৃত্ব বহন কৰে তেজপুৰ পৌৰনিগম বৰ্ডৰ লালমাটি হাজৰিকা চ'কৰ ৱাৰ্ড নং ২ৰ অধ্যক্ষা পুস্পা ডেকাই,লগতে অনুষ্ঠানত স্থানীয় বিধায়ক বৃন্দাবন গোস্বামী,পৰিতোষ দে',টিডিএৰ অধ্যক্ষ বিপুল দাস,ৱাৰ্ড কমিচনাৰ আৰু আন সদস্য সকল উপস্থিত থাকে।

আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত উপস্থিত থাকি পুস্পা ডেকাই মত প্ৰকাশ কৰে যে,প্ৰথমে ৩২২লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱাস গৃহ লাভ কৰাৰ বাবে নিৰ্বাচন কৰা হৈছে আৰু মুঠ ৪৮৬ চৰকাৰৰ এই সুবিধা ভোগ কৰিব পাৰিব।প্ৰধানমন্ত্ৰী আৱাস যোজনা খন ২০১৫চনৰ জুন মাহত মুকলি কৰা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com