Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাৰ তালিকাঃ মন্ত্ৰী সভাত স্থান ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাৰ তালিকাঃ মন্ত্ৰী সভাত স্থান ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 May 2019 5:11 PM GMT

প্ৰধানমন্ত্ৰী ৰূপে দ্বিতীয় বাৰলৈ শপত ল’লে নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷ মোডীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই দ্বিতীয়তে শপত ল’লে ৰাজনাথ সিং আৰু তৃতীয়তে মন্ত্ৰী পদৰ কাৰণে শপত ল’লে অমিত শ্বাহে ৷

উল্লেখ্য যে, অমিত শ্বাহে প্ৰথম বাৰৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে । মোডী মন্ত্ৰীমণ্ডলৰ মন্ত্ৰীত্ব লাভ কৰাসকলৰ ভিতৰত কেবিনেট মন্ত্ৰী ক্ৰমে ৰাজনাথ সিং (লক্ষ্ণৌ),অমিত শ্বাহ(গান্ধী নগৰ, গুজৰাট),নীতিন গাডকাৰী(নাগপুৰ, মহাৰাষ্ট্ৰ),সদানন্দ গৌড়া,নিৰ্মলা সীতাৰমণ,ৰামবিলাস পাচোৱান,নৰেন্দ্ৰ সিং তোমৰ,ৰবি শংকৰ প্ৰসাদ,হৰসিমৰাট কৌৰ বাদল,থাৱৰ চান্দ গেহলট,ড° সুব্ৰমণিয়াম জয়শংকৰ,ৰমেশ পৰ্খিয়াল,অৰ্জুন মুণ্ডা,স্মৃতি ইৰানী,ড° হৰ্ষ ৱৰ্দ্ধন,প্ৰকাশ জাভেদকাৰ,পীয়ুস গোৱেল,ধৰ্মেন্দ্ৰ প্ৰধান,মুখটাৰ আব্বাছ নক্বি,প্ৰহ্লাদ জোশী,ড° মহেন্দ্ৰ নাথ পাণ্ডে,অৰবিন্দ গনপট শাৱন্ত,গিৰৰাজ সিং,গজেন্দ্ৰ সিং শেখাৱটে শপত গ্ৰহণ কৰে ৷

ইফালে ৰাজ্য স্বতন্ত্ৰ মন্ত্ৰীৰ তালিকাত আছে সন্তোষ কুমাৰ গংগৱাৰ,ৰাও ইন্দ্ৰজিৎ সিং,শ্ৰীপদ য়েচু নায়ক,ড° জীতেন্দ্ৰ সিং,কিৰেন ৰিজিজু,প্ৰহ্লাদ সিং পেটেল,ৰাজ কুমাৰ সিং,হৰদীপ সিং পুৰী,মনসুখ এল মণ্ডাবিৱা৷

মন্ত্ৰীসভাত ৰাজ্যৰ মন্ত্ৰী হিচাপে স্থান পাইছে ফগনসিং কুলেস্তে,অশ্বিনী কুমাৰ চৌবে,অৰ্জুন ৰাম মেহৱাল,ভি কে সিং,কিষান প’ল,ধনৱে ৰাওচাহেব দাদাৰাও,জি কিষাণ ৰেড্ডী,পুৰোষোত্তম ৰুপালা,ৰামদাস আঠাৱালা,সাধৱী নিৰঞ্জন জ্যোতি,বাবুল সুপ্ৰিয়,সঞ্জীৱ কুমাৰ বলেয়ান,ধোত্ৰে সঞ্জয় শ্যাম ৰাও,অনুৰাগ সিং ঠাকুৰ,অংগদী সুৰেশ চানাবাচাৱা,নিত্যানন্দ ৰায়, শ্ৰী ৰতন লাল কাতাৰিয়া,ভি মুৰুলীধৰণ,ৰেনুকা সিং চৰুতা,সোম প্ৰকাশ,ৰামেশ্বৰ তেলী,প্ৰতাপ চন্দ্ৰ সাৰেংগী,কৈলাশ চৌধুৰী আৰু দেৱশ্ৰী চৌধুৰী ৷

উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত ৮০০০ অতিথি উপস্থিত থাকে ৷ খেল জগতৰ পৰা মনোৰঞ্জন জগতৰ বহু ৰথী মহাৰথীৰ সমাহাৰত শপত লয় নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাই।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি