Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত উত্তৰ পূবৰ কিৰেণ ৰিজিজুৰ শপত গ্ৰহণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্ৰীসভাত উত্তৰ পূবৰ কিৰেণ ৰিজিজুৰ শপত গ্ৰহণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 May 2019 6:57 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন মন্ত্ৰী সভাত বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত লয় কিৰেন ৰিজিজুয়ে (Kiren Rijiju)৷ উত্তৰ পূবৰ ৰাজ্যসমূহত বিজেপিৰ প্ৰাৰ্থী কিৰেন ৰিজিজু এগৰাকী শক্তিশালী নেতা ৷ অৰুণাচলৰ পশ্চিম নিৰ্বাচন ক্ষেত্ৰৰ পৰা ২০০৪ চনত প্ৰথমবাৰ বাবে সাংসদ হিচাপে জয়ী হৈছিল কিৰেণ ৰিজিজু ৷

কিৰেণ ৰিজিজুয়ে দ্বিতীয়বাৰৰ বাবে ২০১৪ সংসদলৈ নিৰ্বাচিত হৈ অহা মন্ত্ৰীগৰাকীয়ে বিগত সময়ছোৱাত সংসদত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷

১৯৭১ চনত ৰিনচিন খাৰু আৰু চিৰই ৰিজিজুৰ ৰাজনৈতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা কিৰেণ ৰিজিজু সৰুৰে পৰা সামাজিক কামত সক্ৰিয় আছিল। আৰু ১৯৮৭ চনত ১৬ বছৰ বয়সতে ইউ এচ এচ আৰৰ ভাৰতৰ মহোৎসৱত ভাগ লৈছিল কিৰেণ ৰিজিজুয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি