Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নহ’ল বহু মন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নহ’ল বহু মন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 May 2019 9:54 AM GMT

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন মন্ত্ৰীসভাত অন্তভূক্ত ন’হল ভাৰতীয় জনতা দলৰ এগৰাকী জেষ্ঠ্য নেত্ৰী সুষমা স্বৰাজ ৷ উল্লেখ্য যে মোডীৰ নতুন মন্ত্ৰী সভাত অন্তৰ্ভূক্ত নোহোৱা মন্ত্ৰীসকলৰ ভিতৰত আছে সুৰেশ প্ৰভু,জে পি নাড্ডা,উমা ভাৰতী,ৰাধা মোহন সিং,বিৰেন্দ্ৰ সিং,মেনকা গান্ধী,মহেশ শৰ্মা,ৰাজ্যবৰ্দ্ধমান সিং ৰাথোৰ,জয়ন্ত সিন্হা,মনোজ সিন্হা,কে জে আলফ’ন্স,এচ এচ আহলুৱালিয়া,বিজয় গ’ৱাল,অন্তত কুমাৰ হেগড়ে,ৰাম কৃপাল যাদৱ,অনন্ত গীত,অনুপ্ৰিয়া পেটেলৰ লগতে অন্যান্য বহুতো ৷

ইফালে বিগত সময়ত ৬৭ বছৰীয়া সুষমা স্বৰাজে দলৰ বহু আগশাৰী পদত অধিস্থিত থাকি জনসাধাৰণৰ সেৱা কৰিছিল ৷ নতুন মন্ত্ৰী সভাত সুষমা স্বৰাজৰ অনুপস্থিতিয়ে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই যদিও মন্ত্ৰী সভাত স্থান নোপোৱাৰ অন্যতম কাৰণ সুষমা স্বৰাজৰ অসুস্থ শৰীৰো হ’ব পাৰে বুলি চৰ্চিত হৈছে ৷

নৰেন্দ্ৰ মোডীৰ বিগত চৰকাৰৰ দিনত সুষমা স্বৰাজ আছিল বিদেশ মন্ত্ৰী ৷ অসুস্থ শৰীৰৰ কাৰণে বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছিল নেত্ৰী গৰাকীয়ে ৷ লগতে বিদেশ মন্ত্ৰী হিচাপে দেশৰ ভিন্ন প্ৰান্তত সকলোৰে মাজত জনপ্ৰিয় সুষমা স্বৰাজ। ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে ইউ পী এ চৰকাৰ দিনত সুষমা স্বৰাজ এগৰাকী শক্তিশালী বিৰোধী নেত্ৰী আছিল ৷

সুষমা স্বৰাজৰ লগতে ৰেল বাণিজ্য আৰু উদ্যোগ আৰু নাগৰিক উন্নয়নৰ বিভাগৰ সুৰেশ প্ৰভুয়ে নতুন মন্ত্ৰী পৰিষদত অন্তৰ্ভূক্ত ন’হল ৷ বিগত সময়ত স্বাস্থ্য মন্ত্ৰীৰ পদত অধিস্থিত জে পি নাড্ডাও মোডীৰ মন্ত্ৰী সভাত অন্তৰ্ভূক্ত ন’হল ৷ অৱশ্যে জে পি নাড্ডাক বিজেপি দলৰ অধ্যক্ষৰ পদত অধিস্থিত হ’ব পাৰে ৷

বিগত সময়ত কৃষি মন্ত্ৰী ৰূপে থকা ৰাধা মোহন সিঙও মোডীৰ মন্ত্ৰীসভাত অন্তৰ্ভূক্ত ন’হল। জনসংযোগ আৰু প্ৰাক্তন ৰেল মন্ত্ৰী হিছাপে থকা মনোজ সিন্হাও মোডীৰ মন্ত্ৰী সভাত স্থান নাপালে ৷

বিজেপিৰ নেত্ৰী উমা ভাৰতীয়েও এইবাৰ মন্ত্ৰী সভাত অন্তভূক্ত ন’হল। বিগত চৰকাৰৰ দিনত খেলৰ লগত অন্যান্য বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰাজ্যবৰ্দ্ধমান ৰাথোৰো নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নহ’ল ৷বিগত চৰকাৰৰ দিনত পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী মহেশ শৰ্মাই নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত নহ’ল ৷

বিত্ত ৰাজ্য মন্ত্ৰী জয়ন্ত সিন্হাও এই নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত ন’হল ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমালোচক যশৱন্ত সিন্হাৰ পুত্ৰ জয়ন্ত সিন্হা ৷ ইয়াৰোপৰি এচ এচ আলুৱালিয়া,বিজয় গোৱেল,কৰ্ণাটকৰ অন্তত কুমাৰ হেগড়েও নতুন মন্ত্ৰীসভাত অন্তৰ্ভূক্ত ন’হল ৷

বিগত সময়ত উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্বত থকা বিজেপিৰ সহযোগী দল শিৱসেনাৰ অনন্ত গীতেও নতুন মন্ত্ৰী সভাত অন্তৰ্ভূক্ত ন’হল ৷

উপৰোক্ত নেতাসকলৰ উপৰিও বিগত সময়ত স্বাস্থ্য আৰু পৰিয়াল কল্যানৰ ৰাজ্য মন্ত্ৰী অপনা দলৰ অনুপ্ৰিয়া পেটেলও মোডী নতুনমন্ত্ৰী সভাত অন্তৰ্ভূক্ত নহ’ল।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি