
যোৱা দেওবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে আনুষ্ঠানিক ভাৱে আয়ুশমান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অধীনত পশ্চিম কাৰ্বিআংলংত স্বাস্থ্য পত্ৰ বিতৰন কৰে ।অনুষ্ঠান খনৰ আয়োজন কৰে বি পি এইচ ইউয়ে পশ্চিন কাৰ্বি আংলংৰ দনকামুকাম লাংচুদু এল পি স্কুলৰ খেল পথাৰত ।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছেপ্তেম্বৰৰ ২৩তাৰিখে ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা খন দেশখন সু-স্বাস্থ্য কৰি তোলাৰ উদ্দ্যশৰে মুকলি কৰে আৰু সেই একে উদ্দেশ্য আগত ৰাখি কাৰ্বি আংলং জিলাৰ লোক সকলক স্বাস্থ্য পত্ৰ বিতৰন কৰে বুলি তুলিৰাম ৰংহাঙে মত প্ৰকাশ কৰে ।