অবৈধ বাংলাদেশীক অসমৰ পৰা বহিষ্কাৰ কৰা সন্দৰ্ভত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই । মংগলবাৰে বিয়লি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈয়ে ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে বাংলাদেশীক বহিষ্কাৰ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল; সেই সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীক স্মৰণ কৰি দিয়ে ৷ ১৬ মে’ আগয়ে সকলো বাংলাদেশীকে নিজৰ টালি টোপোলা বান্ধি সাজু হ’বলৈও কয় আছুয়ে ৷ অসমৰ পৰা এজনো বাংলাদেশীক প্ৰেৰণ কৰা হোৱা নাই বুলি কোৱাৰ লগতে আছুয়ে প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰে যে, এজন প্ৰধানমন্ত্ৰীয়ে নিজৰ মহত্বপূৰ্ণ প্ৰতিশ্ৰুতিসমূহ অৱহেলা কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰিছে নে ?
ইফালে সোমবাৰে নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত হোৱা যুটীয়া সংসদীয় সমিতিৰ এখন বৈঠকত ভোটদান প্ৰক্ৰিয়াৰে বিৰোধীৰ কম সংখ্যক বিৰোধী সদস্যই বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্তৰণৰ দিশত আগবাঢ়িল ৷ আছুৱে লগতে কয় যে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বতে অসমত স্বদেশী লোকসকলৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আশ্বাস দিছিল ৷ কিন্তু সম্প্ৰতি দলটোৰ অসম চুক্তি উলংঘন কৰি ইউ টাৰ্ণ লৈছে। ইফালে শৰাইঘাট যুদ্ধৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে ২০১৩ বৰ্ষৰ বিধানসভা নিৰ্বাচনত অসমীয়া লোকসকলৰ কাৰণে শৰাইঘাট ৰণ শেষ ৰণ হিচাপে অভিহিত কৰিছিল ৷শৰাইঘাটৰ এই শেষ ৰণে অবৈধ বাংলাদেশীৰ সুৰক্ষা দিছে নেকি? বুলি প্ৰশ্ল কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৷
লগতে লুৰিণ জ্যোতি গগৈয়ে কয় যে যুটীয়া সংসদীয় সমিতিক নাগৰিকত্ব সংশোধনী বিধেয়কত জৰিত কৰাৰ কাৰণে বিধেয়কখনৰ সন্দৰ্ভত সাধাৰণ লোকৰ আৱেগ অনুভূতি,বিচাৰ ভাৱধাৰা সকলো উপেক্ষিত হৈ গ’ল ৷ আছুয়ে জেপিছিৰ এনে ধৰণৰ অৱস্থান সহ্য নকৰে ৷ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আছুৱে৷অন্যহাতে আছুৱে উল্লেখ কৰে যে, ৫ জানুৱাৰীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ভৱিষ্যতে এটা সিদ্ধান্তত উপনীত হ’বৰ কাৰণে সিদ্ধান্তত উপনীত হ’বৰ কাৰণে ৩০ টা অন্য জাতীয় সংগঠনৰ লগত বৈঠক অনুষ্ঠিত কৰিব ।
উল্লেখ্য যোগ্য যে, নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত সোমবাৰে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ লগত এখন বৈঠক অনুষ্ঠিত হৈছিল৷এই বৈঠকখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীসকলৰ আপত্তিৰ লগতে জেপিচিলৈ পৰামৰ্শ আছিল যে,অসমৰ চুবুৰীয়া দেশৰ তালিখনৰ পৰা বাংলাদেশক আঁতৰাই পঠাব লাগে নহ’লে অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বেহুৰ পৰা আঁতৰাব লাগে ৷ ইফালে বৈঠকখনত যেতিয়া কম সংখ্যক বিৰোধী সদস্যই বিধেয়কখনৰ বিৰুদ্ধে ওজৰ আপত্তি কৰে তেতিয়া ভোটৰ দ্বাৰা এটা সিদ্ধান্তত উপনীত হোৱাৰ কথা উল্লেখ কৰে অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই। অন্যহাতে এই ভোটদান ভিত্তিতে বিৰোধী দলীয় সদস্যসকলৰ উত্থাপিত বিষয়সমূহ প্ৰত্যাখান কৰা হয় । লগতে এই ভোটৰ মাধ্যমতে সম্প্ৰতি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰণৰ দিশত আগবাঢ়িছে৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি