Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী ৰণডঙ্কা বজালে শিলচৰত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী ৰণডঙ্কা বজালে শিলচৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2019 8:27 AM GMT

শুক্ৰবাৰে শিলচৰ চহৰৰ ৰামনগৰত নিৰ্বাচনী ৰণডঙ্কা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰামনগৰৰ এখন জনসভাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে লাখ লাখ লোক নিজৰ দিশত আগবাঢ়িছে ৷বিভাজনৰ ভুক্তভোগী লোকসকলে ভাবিছিল যে নেতা সকলে তেওঁলোকৰ লগত ন্যায় কৰিব আৰু নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব ৷ কিন্তু বাস্তৱত সেয়া ন’হল ৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো উপকাৰ নহয় । বিধেয়কখনৰ লগত মানুহৰ জীৱনৰ ভাৱনা জড়িত হৈ আছে ।সমগ্ৰ বিশ্বৰে ভাৰত হ’ল মাতৃস্বৰূপ আৰু দেশ বিভাজনৰ সময়তে বহু মানুহে ভিন ভিন ভৰসাৰে ভিন্ন দেশত ৰৈ গ’ল ৷ ভাৰত মাতাই তেওঁৰ সন্তানক স্থান দিবই লাগিব ৷ ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব । এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এক বৃহৎ সময়ৰ পিছত বহু প্ৰস্তুতিৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক সংসদত প্ৰস্তুত কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে ৷ সংসদত বিধেয়কখন গৃহীত কৰাৰ পিছত যাতে কোনো লোকৰ মনত কোনো ধৰণৰ ক্ষোভ নাথাকে,সেই আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আনহাতে ভোটবেংকৰ কাৰণে ৰাজনীতি কৰিবৰ কাৰণে এটা দলক দোষী দিয়ে যদিও, অৱশ্যে জনসভাখনত প্ৰধানমন্ত্ৰী মোডীয়ে কংগ্ৰেছৰ নাম উল্লেখ কৰা নাই । ইফালে অসমক এখন শান্তি সম্পন ৰাজ্য বুলি কয় মোডীয়ে ।লগতে বিগত ৬০ বছৰৰো অধিক কাল কংগ্ৰেছৰ শাসনত কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখাৰ কথাও কয় প্ৰধান মন্ত্ৰী মোডীয়ে৷এন আৰ চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে এন আৰ চিৰ কাৰণে বহু নাগৰিকে হাৰাশাস্তি ভোগ কৰিব লগা হৈছে ৷ অসমৰ লোকে চলিত চৰকাৰখনৰ ওপৰত ভৰসা কৰিব লাগিব ৷

লগতে এন আৰ চি সম্পৰ্কীয় বিভিন্ন অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এই ক্ষেত্ৰত সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অসমৰ সভ্যতা, সংস্কৃতি অপাৰ ৷অসমৰ ভাষা,সংস্কতি ৰক্ষা কৰিবৰ কাৰণে চৰকাৰ দায়বদ্ধ ৷এই জনসভাখনত মোডীয়ে বগীবিল দলং,জলপথ,ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণসহ আদি বিভিন্ন প্ৰসংগৰ কথা উল্লেখ কৰে ৷অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় ১৯৮৫ চনত অসম চুক্তিৰ হস্তাক্ষৰ কৰিছিল ৷কিন্তু মহত্বপূৰ্ণ ৬ নং দফাক এখন কাগজলৈ ৰূপান্তৰিত হ’ল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল শাসনলৈ অহাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই সন্দৰ্ভে যথেষ্ট বিচাৰ বিবেচনা কৰে ৷

"এক্ট ইষ্ট এক্ট ফাষ্ট" হৈছিল চলিত চৰকাৰ খনৰ মূলমন্ত্ৰ ৷ যেতিয়ালৈকে উত্তৰ পূবৰ বিকাশ নহয় তেতিয়ালৈকে দেশৰ বিকাশ নহয় ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যেতিয়ালৈকে দেশ দুৰ্নীতিমুক্ত নহয় তেতিয়ালৈকে দেশৰ কাৰণে কল্যানকামী তথা জনকল্যান মুখী কাম সম্পন্ন নহয়। ইয়াৰ বিপৰীতে দেশ স্বাধীনৰ পিছতে শাসনলৈ অহা কংগ্ৰেছক কটাক্ষ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় কংগ্ৰেছে সম্পূৰ্ণ চিষ্টেমটোৱেই দুৰ্নীতিয়ে কৰি দিলে ৷ ক্ৰিষ্টেয়ন মিশ্যেলৰ প্ৰসংগ জনসভাখনত উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে কয় যে জনসাধাৰণৰ টকা লুটি খোৱা সকলে কেতিয়াও আইনৰ সুৰঙাৰ পাৰ হৈ যাব নোৱাৰে ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ শিলচৰত দিয়া ভাষণে সম্প্ৰতি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি