Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদন্দ্বিতাৰ পৰা বাহিৰ প্ৰিয়ংকা গান্ধী: অৰুণ জেটলী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদন্দ্বিতাৰ পৰা বাহিৰ প্ৰিয়ংকা গান্ধী: অৰুণ জেটলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 April 2019 11:53 AM GMT

বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদন্দ্বিতাৰ পৰা বাহিৰ হল পূব উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নতুন সাধাৰণ সভাপতি প্ৰিয়ংকা গান্ধী। এই মন্তব্য কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অথা বিজেপিৰ জেষ্ঠ নেতা অৰুণ জেটলীয়ে ।

জেটলীয়ে প্ৰকাশ কৰে যে প্ৰিয়ংকা গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছিল সংবাদ মাধ্যমৰ আগত । লগতে কয় যে কংগ্ৰেছৰ অধ্যক্ষ অথা প্ৰিয়ংকাৰ ভাতৃয়ে বাৰানসীৰ কংগ্ৰেছ প্ৰাৰ্থী এক সাঁথৰ বুলি কৈছিল । আৰু সেয়ে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক প্ৰতিদন্দ্বিতা কৰাৰ পৰা বাহিৰ কৰি দিয়ে বুলি প্ৰকাশ কৰে।কংগ্ৰেছে বাৰানসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অজয় ৰায়ক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

লগতে অৰুণ জেটলী য়ে কংগ্ৰেছে বাৰানসীৰ পৰা প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব প্ৰদান নকৰাত অসন্তুষ্টি ব্যক্ত কৰে। শেষৰ দুমাহত প্ৰিয়ংকা গান্ধীয়ে যথেষ্ট প্ৰচাৰ চলাইছিল । লগতে তেওঁ উল্লেখ কৰে যে বৰ্তমান ভাৰত সলনি হৈছে । ৰাজতন্ত্ৰক গুৰুত্ব নিদিয়ে জনসাধাৰণে ।

বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে ই এনে এটা ৰাজনৈতিক দল যত এটা পৰিয়ালে শাসন কৰি আহিছে আৰু তেওঁলোকে বিশ্বাস কৰে যে জনসাধাৰণে তেওঁলোকক সমৰ্থন আগবঢ়াব। প্ৰিয়ংকা গান্ধীৰ সমৰ্থনত এটা পৰিবেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল যদিও এই চেষ্টা ওলোটা হোৱা পৰিলক্ষিত হয় বুলি প্ৰকাশ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে প্ৰকাশ কৰে যে বাৰানসীত কংগ্ৰেছে কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া গুৰুত্বপূৰ্ণ নহয়। বাৰানসী জনসাধাৰণৰ সদায় মোদী জীৰ লগত আছে বুলি প্ৰকাশ কৰে।

আজি বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি