Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 6:45 AM GMT

অধিক সংখ্যক আসনৰে লোকসভা নিৰ্বাচনত জয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি দলৰ। মোদীৰ সাফল্যত বিশ্বৰ নেতায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অভিনন্দন জ্ঞাপন কৰে । লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিৰ মিত্ৰজোট চৰকাৰে ৩৫৩ খন আসন লাভ কৰাৰ লগতে বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰে। ১৯৮৪ চনৰ পাছত প্ৰথম বাৰৰ বাবে দেশত এটা দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামে টুইটাৰযোগে মোদীক অভিনন্দন ঞ্জাপন কৰাৰ লগতে ভাৰত-আমেৰিকাৰে একেলগে কাম কৰিব বুলি প্ৰকাশ কৰে । মোদীক অভিনন্দন ঞ্জাপন কৰি প্ৰকাশ কৰে যে সমগ্ৰ বিশ্বৰ বাবে ইতিহাসত বৃহৎ গনতান্ত্ৰীক দেশৰ নিৰ্বাচনে অনুপ্ৰেৰণাৰ কাৰন হৈ পৰিছে বুলি প্ৰকাশ কৰে । আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি মাইক প্ৰিঞ্চে অভিনন্দন জ্ঞাপন কৰে মোদীক ।

আফগান ৰাষ্ট্ৰপতি আচৰফ ঘানিয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰে। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে টুইটাৰযোগে মোদীক অভিনন্দন ঞ্জাপন কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানত্যহুয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

পাকিস্তান প্ৰধানমন্ত্ৰী ইমৰান খানেও মোদীক অভিনন্দন ঞ্জাপন কৰে,লগতে দুয়োখন দেশে শান্তিৰ হকে কাম কৰিব বুলি প্ৰকাশ কৰে । চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙেও অভিনন্দন জ্ঞাপন কৰে মোদীক ।

শ্ৰীলংকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপালা চিৰিচেনা আৰু প্ৰধানমন্ত্ৰী ৰানিল ওইক্ৰেমেচিঙে প্ৰথমতে মোদীক অভিনন্দন ঞ্জাপন কৰে । " নৰেন্দ্ৰ মোদীলৈ অভিনন্দন জ্ঞাপন কৰে আৰু ভৱিষ্যতে একেলগে কাম কৰিম " বুলি টুইটাৰযোগে প্ৰকাশ কৰে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে নৰেন্দ্ৰ মোদীক অভিনন্দন ঞ্জাপন কৰি প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনত বিজেপিয়ে সন্তোষজনত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ফোন যোগে ভূটানৰ ৰজা জিগমে খেচাৰ নাময়েল ৱানচকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন ঞ্জাপন কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি