Top
Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মেত শপত গ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মেত শপত গ্ৰহণ কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 May 2019 7:43 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংসদৰ মন্ত্ৰী সকলে ৩০ মেত, সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব । লোকসভা নিৰ্বাচনত এন ডি এয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰি পুনৰ ৫ বছৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । ৫৪২ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰাৰ লগতে বিজেপি মিত্ৰজোটে ৩৫৩ খন আসন লাভ কৰে।

লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত ৫৪২ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল । ভেলোৰত নিৰ্বাচন বাতিল কৰে লোকসভা আয়োগে।

নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ নেতা সকলে শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ সন্দৰ্ভত প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত গ্ৰহণৰ পূৰ্বে কেবিনেটৰ মন্ত্ৰী সকলক নিৰ্বাচিত কৰিবলৈ কয়।

ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি দিয়ে। মোদী পূৰ্বতে বিজেপি আৰু এন ডি এ দলৰ নেতা হিচাপে নিৰ্বাচিত হয় । সংসদ ভবনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এই অনুষ্ঠানত এন ডি এৰ জেষ্ঠ নেতা, এন ডি এৰ দ্বাৰা শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল, নতুনকৈ নিৰ্বাচিত ৩৫৩ জন সাংসদ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ , জেষ্ঠ নেতা এল কে আদৱানী আৰু মুৰুলী মনোহৰ জুচীও উপস্থিত থাকে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story