প্ৰধান মন্ত্ৰীয়ে অসমক প্ৰতাৰণা কৰিছে, বিজেপিয়ে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব: আছু

সদৌ অসম ছাত্ৰ-সন্থাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমীয়া জাতীয়তাবাদক প্ৰতাৰণা কৰা বুলি মন্তব্য কৰি কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ বাবে পৰিণাম ভোগ কৰিব লাগিব। শুক্ৰবাৰে শিলচৰত অনুষ্ঠিত হোৱা এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে অতি সোনকালে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰা হব। চেন্টিনেলৰ সাংবাদিকৰ সৈতে হোৱা মুখামুখিত সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সম্মুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে প্ৰধান মন্ত্ৰী, ভাৰত চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে বাংলাদেশীক ৰক্ষণা-বেক্ষণ দিয়া কথাটো স্পষ্ট হৈ পৰিল, প্ৰধান মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সম্পৰ্কে শুক্ৰবাৰে দিয়া ভাষণে প্ৰমাণ কৰিলে যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন সদায় অসমৰ খিলঞ্জীয় জনসাধাৰণৰ বিপক্ষেহে আছে। অসম চুক্তিক উলংঘা কৰিব বিছৰা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে, কোনো পৰিস্থিতিতে মানি লোৱা নহব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে।
আমি সদায় বিধেয়ক খনৰ বিৰোধিতা কৰি আহিছো, বিৰোধিতা কৰি আছো আৰু ভবিষ্যতেও কৰি যাম বুলি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয়। সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সম্পৰ্কে পূৰ্বৰে পৰা স্পষ্ট, ১৯৭১ চনৰ আগতে অহা হিন্দু অথবা মুছলমান সকলোৱে অসমত ঠাই পাব আৰু ১৯৭১ চনৰ পিছত অহা হিন্দু অথবা মুছলমান কোনো লোককে অসমে গ্ৰহণ নকৰে। ধৰ্মীয় চেতনাৰ উৰ্ধত গৈ ১৯৭১ চনৰ পিছত অহা সকলো নাগৰিকে অসম এৰি যাব লাগিব বুলি আছুৰ উপদেষ্টা গৰাকীয়ে সকীয়াই দিয়ে। অসমক আমি কেতিয়াও বাংলাদেশীৰ ডাষ্টবিন হব নিদিও, ত্ৰিপুৰাৰ খিলঞ্জীয়া নাগৰিক সকল এতিয়া ত্ৰিপুৰাত দ্বিতীয় শ্ৰেণীৰ নাগৰিক, অসমত আমি কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰিব নিবিছাৰো।
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আকৌ কয় যে ২০১৬ চনত বিজেপিয়ে অসম বিধান সভাৰ নিৰ্বাচনক দ্বিতীয় শৰাইঘাটৰ যুদ্ধ হিচাপে আখ্যা দিছিল।এয়া কি দ্বিতীয় শৰাইঘাট? অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়ক খনৰ বিৰোধিতা কৰিব নোৱাৰা বাবে সমবেদনা জ্ঞাপন কৰিছো। সোণোৱালে ইচ্ছা কৰিলে এতিয়াও বিধেয়ক খনৰ বিৰোধিতা কৰিব পাৰে বুলি ভট্টাচাৰ্য্যই মন্তব্য কৰে। বিজেপিয়ে সদায় নিৰ্বাচনৰ আগত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি আগ্ৰহ দেখুৱাই আৰু নিৰ্বাচন যোৱাৰ পিছত বাংলাদেশীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক বহু বুদ্ধিজিৱীয়ে একনায়কত্ববাদী আখ্যা দি আহিছে আৰু শুক্ৰবাৰে শিলচৰত অনুষ্ঠিত হোৱা জনসভাত মোডীয়ে সেই কথা প্ৰমাণ কৰিলে। নৰেন্দ্ৰ মোডী হল ভাৰতৰ প্ৰথমজন গণতান্ত্ৰিক ব্যৱস্থাক উলংঘা কৰা প্ৰধান মন্ত্ৰী, নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰাৰ বহু পূৰ্বৰে পৰাই অসমৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আহিছে কিন্তু নৰেন্দ্ৰ মোডীয়ে অসমৰ জনসাধাৰণৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰিলে, আগন্তুক নিৰ্বাচনত বিজেপিয়ে ইয়াৰ চৰম পৰিণাম ভোগ কৰিব লাগিব বুলি আছুৰ সভাপতি গৰাকীয়ে কয়।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি