
মানকাচাৰৰ ভিতৰুৱা চৰাঞ্চলৰ এখন বিদ্যালয় এইবাৰ চৰ্চালৈ আহিছে। কাগজে কলমে ঠিকেই চলিছে বিদ্যালয় খন কিন্তু নাই এজনো ছাত্ৰ-ছাত্ৰী। অথচ বছৰৰ পিছত বছৰ ধৰি শতাধিক ছাত্ৰ ছাত্ৰীৰ নামত প্ৰধান শিক্ষকে দুপৰীয়া অহাৰৰ চাউল আত্মসাৎ কৰি আহিছে।
ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অধীনস্থ ইছাদাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮ বছৰ ধৰি স্থানীয় ৰাইজে বিদ্যালয় খনত দেখা নাই ছাত্ৰ ছাত্ৰী।আনকি শিক্ষকও উপস্থিত নহয় বিদ্যালয় খনত। বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছে মহৰ আলি নামৰ এগৰাকী লোক। এই প্ৰধান শিক্ষক জন জিলা শিক্ষা বিষয়াৰে গোপন বুজাবুজিৰে নাম মাত্ৰ কাগজে কলমে চলাই আছে বিদ্যালয় খন।
অভিযোগ মতে প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ নামত চৰকাৰী ভাবে দুপৰীয়া আহাৰৰ চাউল প্ৰধান শিক্ষক মহৰ আলি উঠাই আত্মসাৎ কৰি আহিছে। এই সন্দৰ্ভত ইতিমধ্যে ৰাইজে ধুবৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীক লিখিত অভিযোগ দিছে যদিও আজিলৈ তদন্ত কৰিবলৈ কোনো লোক বিদ্যালয় খনত উপস্থিত নহল।