Begin typing your search above and press return to search.

প্ৰমীলাৰানী ব্ৰহ্ম কোকৰাঝাৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী

প্ৰমীলাৰানী ব্ৰহ্ম কোকৰাঝাৰ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 March 2019 1:29 PM GMT

লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰ সমষ্টিৰ BPFৰ প্ৰাৰ্থী ঘোষণা। প্ৰমীলাৰাণী ব্ৰহ্ম হ’ব কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী। বৰমাত অনুষ্ঠিত BPFৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ।

বাক্সা জিলাৰ বৰমাত আজি অনুষ্ঠিত বিপিএফ ৰাজনৈতিক দলৰ ৭১ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আনুস্থানিকভাবে দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰাৰ্থী হিচাপে ঘোষনা কৰে অসম চৰকাৰৰ সমাজকল্যান মন্ত্ৰী প্ৰমিলা ৰানী ব্ৰহ্মৰ নাম ৷

হাগ্ৰামা মহিলাৰীয়ে সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰৰ্থী জয় লাভ কৰাটো এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে ৷ তেও পুৰ্বে মঙ্গলদৈ সমষ্টি টোৰ দাবীদাৰ আছিল যদিও সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰৰ্থী জয়লাভ কৰাত সমস্যা থকাৰ কথা সদৰি কৰে ৷ মহিলাৰীয়ে লগতে মঙ্গলদৈ সমষ্টিটো বিজেপিক এৰি দিয়াৰ কথা সদৰি কৰি বিজেপি দলে ৰাজ্যত বাৰ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিব বুলি মন্তব্য কৰে ৷

দেশৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হব বুলি মন্তব্য কৰি মহিলাৰীয়ে কংগ্ৰেছ, অবড়োক একাষৰীয়া কৰি এবছু সমৰ্থিত প্ৰাৰ্থীৰ লগত হে প্ৰতিদ্বণ্ডিতা হব বুলি কয় ৷

প্ৰমীলাৰানী ব্ৰহ্মক কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছত দলৰ পৰা যি দায়িত্ব দিছে তাকে পালন কৰি যাব বুলি কয় ৷লোক সভাৰ সাংসদ হলে বহল ভিত্তিত ৰাইজৰ হৈ কাম কৰিব পাৰিব বুলি মন্তব্য কৰে প্ৰমীলাৰানী ব্ৰহ্ময়ে৷ দেশ তথা ৰাজ্যত বিজেপি চৰকাৰে ভল কাম কৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে বিটিচিলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যি অনুদান আহে সেই টো ভাল হব লাগে বুলি মন্তব্য কৰে ৷ অৱশ্যে কোন দল বা প্ৰাৰ্থীৰ লগত প্ৰতিদ্বন্দিতা হব সেইটো পূৰ্বানুমান নাই বুলি কয় মন্ত্ৰী প্ৰমিলা ৰানীয়ে|

প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতে ব্ৰহ্মক বিভিন্নজনৰ সম্ভাষণ।

Next Story
চাকৰি