Begin typing your search above and press return to search.

প্ৰশংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ঃ "বজ্ৰ নিনাদ"কৰিব সদৌ অসম ছাত্ৰ সন্থাই

প্ৰশংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ঃ বজ্ৰ নিনাদকৰিব সদৌ অসম ছাত্ৰ সন্থাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jan 2019 9:03 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ সময় থাকোঁতেই অতি শীঘ্ৰেই বাতিল কৰিব লাগে৷ এই মন্তব্য ৰাজ্যৰ প্ৰভাৱশালী আৰু শীৰ্ষ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ (AASU)৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে,অসম তথা উত্তৰ পূবৰ লোকসকলে এই সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধি বিধেয়কখনৰ বিৰোধিতা কৰিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কে অসম চুক্তিক উলংঘন কৰিছে ৷ কেৱল অসমতেই নহয় উত্তৰ পূবৰ অন্যান্য ৰাজ্য সমূহতো ১৯৭১ চনৰ পিছত অহা অতিৰিক্ত অবৈধ বাংলাদেশীৰ বোজা লোৱা ন’হব ৷ ভাৰতৰ দৰে ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মৰ ভিত্তিত কোনো আইন হ’ব নোৱাৰে ৷কিন্তু শাসনাধীস্থ চৰকাৰে জনসাধাৰণৰ ওপৰত বিধেয়কখন জাপি দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে ৷

লগতে উত্তৰ পূবৰ জনসাধাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত যাতে গৃহীত নহয় তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি জনে ৷ অন্যহাতে, বিধেয়কখন গৃহীত কৰিবলৈ বিজেপিৰ জোৰদাৰ প্ৰয়াসৰ কথা উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ এজন নেতাই কয় যে, লোকসভাত বিতৰ্কিত বিধেয়কখন গৃহীত কৰাৰ পিছত ৩০ জানুৱাৰীত বিধানসভাত বিধেয়কখন গৃহীত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব ৷ উত্তৰ পূবৰ স্বদেশী লোকসকলৰ লগতে বিশেষকৈ অসমৰ লোকসকলে একত্ৰিত হৈ বিজেপি চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে ৷যাতে কেন্দ্ৰই অতি শীঘ্ৰেই বিধেয়কখন বাতিল কৰি দিয়ে ৷

ইফালে বিধেয়কখনক সম্প্ৰতি সকলো জনসাধাৰণে বিৰোধিতা কৰাৰ লগতে উত্তৰ পূবৰ লোকসকলে বিধেয়ক খন বাতিল কৰিবলৈ বিৰোধিতা অব্যাহত ৰাখিছে ৷ আনহাতে বিধেয়ক খন বিৰোধিতা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জনসাধাৰণে "বৰ্জ্ৰ নিনাদ" ৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব ২৩ জানুৱাৰীত ৷ উল্লেখ্য যে, বজ্ৰ নিনাদ কাৰ্যসূচীত ৩০ টা সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত উত্তৰ পূব ছাত্ৰ সন্থা অৰ্থা NESO য়ে অংশ ল’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি