Begin typing your search above and press return to search.

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ঃ বিধেয়ক বিৰোধিতা কৰিছে শাসনাধিস্থ চৰকাৰৰ কেইবাজনো বিধায়কে

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ঃ বিধেয়ক বিৰোধিতা কৰিছে শাসনাধিস্থ চৰকাৰৰ কেইবাজনো বিধায়কে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jan 2019 6:20 AM GMT

সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক উত্তাল হৈ থকাৰ সময়তে শাসনাধীস্থ চৰকাৰখনৰ কিছুসংখ্যক বিধায়কে বিতৰ্কিত বিধেযকখনৰ বিৰুদ্ধে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মন্তব্য কৰিছে। তেওঁলোকৰ মতামত অনুসৰি বিধেয়কখন অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত, অসমৰ ভৱিষ্যতৰ প্ৰসংগ সকলোতকৈ আগত ৷ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত বিহপুৰিয়াৰ বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাই কয় যে আমি অসমৰ লোক সকলৰ হিতৰ কাৰণে কাম কৰা নাই । এইখন অসমীয়া বিৰোধী বিধেয়ক ৷গতিকে আমি এনেধৰণৰ বিধেয়কক সমৰ্থন কৰিব নোৱাৰোঁ ৷ আমি বাংলাদেশীকো ধৰ্মৰ ভিত্তত বিভাজন কৰিব নোৱাৰোঁ।

লগতে বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাই কয় যে মই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক (Sarbananda Sonowal) অনুৰোধ কৰিছোঁ যাতে মুখ্যমন্ত্ৰী সোনোৱালে বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত গৃহীত ন’হবলৈ ব্যৱস্থা কৰে ৷ অন্যহাতে বিধায়ক দেৱানন্দ হাজৰিকাৰ ব্যক্তব্যৰ লগত সংগতি ৰাখি লাহুৱালৰ বিজিপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয় যে, গণতন্ত্ৰই জনসাধাৰণৰ মৰ্য্যাদাক সন্মান কৰে ।অসমৰ জনসাধাৰণে এই বিধেয়ক খনৰ বিৰুদ্ধে সততে ৰাজপথ উত্তাল কৰি আহিছে ৷ গতিকে আমিও অসমৰ লোকসকলৰ লগত সহযোগ কৰাটো অত্যন্ত জৰুৰী ৷যদি এই বিধেয়কখন গৃহীত হয়, তেন্তে অসমত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব ।লগতে বিধায়ক ঋতুপৰ্ণ বৰুৱাই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰাই আমি ৰাজনীতিৰ পথাৰত খোজ দিছোঁ ৷নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিজেপিয়ে অসমত অসম চুক্তিক বাস্তৱায়িত কৰাৰ আশ্বাস প্ৰদান কৰিছিল৷

কিন্তু সম্প্ৰতি এই বিতৰ্কিত বিধেয়কখনক উপস্থাপন কৰি পূৰ্বতে দিয়া আশ্বাস ভংগ কৰি অসমবাসীক বিশ্বাসঘাটক কৰিলে ৷ উল্লেখ্য যে দিছপুৰ বিধায়ক অতুল বৰাৰ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত কয় যে,মই বাৰে বাৰে মন্তব্য কৰোঁ যে এই বিধেয়কখন অসমৰ কাৰণে দুৰ্যোগ ৷লগতে কয় যে আমি এই বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ কোনো কাৰণ দেখা নাই৷যদি কিছুসংখ্যক লোকে কয় যে,বিধেয়কখনৰ পৰা অসমৰ লাভ হ’ব ৷তেন্তে সেয়া বিধেয়ক খনৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী ৷ কিন্তু মই বিধেয়কখনৰ সন্দৰ্ভত বিৰোধিতা কৰিয়েই যাম ৷এই মন্তব্য অতুল বৰাৰ ৷

ইফালে বিধায়ক অতুল বৰাই বিধেয়কখনৰ সন্দৰ্ভত বিৰোধিতা কৰাৰ মন্তব্য পিছতে চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ কয় যে, অসম চুক্তিৰ পৰিমণ্ডলৰ ভিতৰতে ৰাজ্যখনত বিদেশী সমস্যা সমাধান কৰা হ’ব । অসম চুক্তিৰ উলংঘা হোৱা নাই ৷ গতিকে দেখা গৈছে সাম্প্ৰতিক সময়ত অসমবাসীৰ লগতে শাসনাধিষ্ঠ চৰকাৰখনৰ কিছুসংখ্যক বিধায়কেও বিতৰ্কিত বিধেয়ক খনৰ বিৰোধিতা কৰিছে ৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত চৰকাৰে বিধেয়কখনৰ সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি