Begin typing your search above and press return to search.

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়কঃৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ হস্তক্ষেপ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়কঃৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ হস্তক্ষেপ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jan 2019 9:20 AM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখনে সমগ্ৰ অসম কঁপাই থকাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে। এই অনশন কাৰ্য্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই মন্তব্য কৰে যে, "আজি আমি সকলোৱে সমগ্ৰ অসমতে জাতিধ্বংসী বিলখনৰ বিৰোধিতা কৰিছো। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দেয়ে এই বিষয়ে হস্তক্ষেপ কৰক। এই বিলখন অসাংবিধানিক আৰু অগণতান্ত্ৰিক।

যদিহে এই বিলখন পাছ কৰে তেন্তে ইয়াৰ পৰিণাম অতি ভয়াবহ হৈ পৰিব। যদিহে এই বিলখন আগন্তুক বিধান সভাত উত্থাপিত কৰে তেনেহলে কংগ্ৰেছে ইয়াৰ পূৰ্ণ বিৰোধিতা কৰিব। অসম প্ৰদেশ কমিটীৰ সভাপতি বৰাই এইটোও উল্লেখ কৰে যে," ৰাজ্যসভাত বিৰোধী দলৰ সংখ্যাগৰিষ্ঠতা আছে আৰু তেওঁলোকে বিনা দ্বিধাই এই বিলৰ বিৰুদ্ধে যুঁজি যাব।

বৃহস্পতিবাৰে গুৱাহাটী গণেশ মন্দিৰ উদ্যানত জেষ্ঠ নেতা ৰিপুণ বৰাৰ নেতৃত্বত অনশন কাৰ্য্যসূচীৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি