Begin typing your search above and press return to search.

প্ৰসংগঃফেনীঃএজন সন্ধানহীন,বিস্তৰ পৰিমাণে ক্ষতিগ্ৰস্ত বাসগৃহ আৰু গছ গছনি

প্ৰসংগঃফেনীঃএজন সন্ধানহীন,বিস্তৰ পৰিমাণে ক্ষতিগ্ৰস্ত বাসগৃহ আৰু গছ গছনি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 6:00 AM GMT

অসমত ফেনীৰ প্ৰভাৱ বৃদ্ধি নাপালেও কিন্তু বিগত ২৪ ঘন্টাত, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ পানী বৃদ্ধি পাইছে। সেয়েহে ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োখন নদীৰে জল পৰিবহন সেৱা বন্ধ কৰি দিয়া হৈছে ৷ ডুমডুমাৰ পিছত গোৱালপাৰা জিলাত তীব্ৰ বতাহৰ পিছত অহা বৰষুণে বানৰ সৃষ্টি কৰিছে। ইফালে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এক তথ্য অনুসৰি ২১০ জন লোক এই বান আৰু বতাহত প্ৰভাৱিত হৈছে ৷

হাইলাকান্দি জিলাতো তীব্ৰ বতাহত লালা আৰু কাটলীচৰাত বাসগৃহ আৰু গছ গছনিৰ ক্ষতি সাধন হয় ৷ গোৱালপাৰা জিলাৰ পৰা অহা এক তথ্য অনুসৰি জিলাখনত অহা বানত ইতিমধ্যে মাটিয়া আৰু ৰঙজুলী ক্ষতিগ্ৰস্ত হৈছে। মটিয়া ৰাজস্ব চাৰ্কেলত দুধনৈ আৰু পঞ্চৰত্ন সংলগ্ন এটা পুল বিধ্বস্ত হয় ।এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি গুৱাহাটীস্থিত পূৱ মাজঝিৰগাঁওৰ নৱ কলিতা নামৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে ৷ ব্যক্তিজনে চাৰিজন ব্যক্তিৰ লগত ৰানী চাপৰিত ভূমি পৰিদৰ্শন কৰিবলৈ গৈছিল ৷

অৱশ্যে,শনিবাৰে বিয়লি ব্যক্তিজন উভতি অহাৰ সময়ত তেওঁৰ নাঁওখনৰ বিসংগতি হয়। আৰু ব্যক্তিজনৰ লগৰ বাকী কেইজন সাঁতুৰি পাৰত উঠে যদিও,নৱ কলিতা অসফল হয় ৷ অন্যহাতে ,ব্যক্তিজনৰ সন্ধানত এচডিআৰএফ আৰু এনডিআৰএফে অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে,গুৱাহাটীৰ পলাশবাৰী কুলচী নদীৰ ওপৰৰ এখন দলং উটি যায় ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি