Begin typing your search above and press return to search.

প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়কঃপ্ৰতিবাদত বহিল বাওঁ গণতান্ত্ৰিক মঞ্চ

প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়কঃপ্ৰতিবাদত বহিল বাওঁ গণতান্ত্ৰিক মঞ্চ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Feb 2019 12:10 PM GMT

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বাওঁ-গণতান্ত্ৰিক মঞ্চৰ "অৱস্থান ধৰ্মঘট" কাৰ্য্যসূচী। গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। চি পি আই, চি পি আই (এম), চি পি আই (এম-এল), এন চি পি, আম আদমী পাৰ্টি, জনতা দল (এছ), সমাজবাদী পাৰ্টি, আৰ চি পি আই, অসম সংগ্ৰামী মঞ্চ আৰু এল চি পি সকলোৱে মিলি নাগৰিকত্ব সংশোধনী বিধেয়ক তীব্ৰ বিৰোধিতা কৰে।

অসম আন্দোলনৰ চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত সকলো হিন্দু মুছলমান অসমৰ পৰা বিতাৰিত হ'ব লাগিব৷ যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক খন আইনলৈ গৃহীত হ'লে নস্যাৎ হ'ব অসম চুক্তি। বিজেপিয়ে অসমত হিন্দুত্ববাদী ভাৱ বিয়পাই যি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে তাৰ সম্পুৰ্ণ প্ৰত্যাহ্বান জনাই বাওঁ-গণতান্ত্ৰিক মঞ্চই।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি