Begin typing your search above and press return to search.

প্ৰসংগঃ নিৰ্বাচনঃ বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বিজয় উল্লাহ

প্ৰসংগঃ নিৰ্বাচনঃ বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বিজয় উল্লাহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 9:45 AM GMT

বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱাৰ পৰাই এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালেও(Sarbananda Sonowal) বিয়লি দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজয়ী উৎসৱত ভাগ লয় ৷ ইফালে দলে নিৰ্বাচনৰ ক্ষেত্ৰত এগজিট প’লৰ সমীক্ষাৰ পিছতে , বুধবাৰৰ পৰাই বিজয় উৎসৱৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰে।

দলৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমাধ্যম আৰু দলৰ নেতা কৰ্মীসকলক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰে ।লগতে কয় যে অনাগত পাঁচ বৰ্ষত লোকসকলৰ বিশ্বাস অটুত ৰাখিবলৈ বিজেপিয়ে কাম কৰিব ৷

অন্যহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে বিজেপিৰ এইয়া ঐতিহাসিক জয় ৷ এই জয়ে ৰাজ্যবাসীৰ ক্ষেত্ৰত আমাক নতুন দায়িত্ব প্ৰদান কৰিছে৷ সম্প্ৰতি আমি ৰাজ্যৰ বিকাশৰ ক্ষেত্ৰত একাগ্ৰতাৰে কাম কৰিম ৷ প্ৰমানমন্ত্ৰী মোডীৰ কৰ্ম স্পৃহা দেশৰ ভোটাৰে আদৰি লৈছে ৷

লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে নিৰ্বাচনত জয় কাৰণে ২৫০০০ বুথ কমিটী,জিলা কমিটী আৰু মণ্ডল কমিটীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে ,দুখন পৃথক পত্ৰৰ যোগেৰে দাসে বিজেপিৰ বিজয়ৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি