Top
Begin typing your search above and press return to search.

প্ৰসংগঃ লোকসভা নিৰ্বাচনঃ যাৱতীয় তথ্য সমৃদ্ধ ৪৫ খন মনোনয়ন দাখিল

প্ৰসংগঃ লোকসভা নিৰ্বাচনঃ যাৱতীয় তথ্য সমৃদ্ধ ৪৫ খন মনোনয়ন দাখিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2019 7:21 AM GMT

আগন্তক ৰঙালী বিহু আৰু লোকসভা নিৰ্বাচনৰ কাৰণে উজনি অসমত সম্প্ৰতি উখল মাখল পৰিবেশ ৷ উজনি অসমত সম্প্ৰতি ৰঙালী বিহু আৰু নিৰ্বাচনৰ মিশ্ৰণে এক পৃথক পৰিবেশৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে ১১ এপ্ৰিলত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কাৰণে ৪৫ খন মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ তদন্ত বা পৰীক্ষা হ’ব মংগলবাৰে অৰ্থাৎ আজি ৷ আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ শেষ তাৰিখ হ’ব ২৮ মাৰ্চ।

প্ৰথম পৰ্যাযত হ’ব লগীয়া নিৰ্বাচন ক্ষেত্ৰসমূহৰ ভিতৰত আছে কলিয়াবৰ,তেজপুৰ, যোৰহাট,ডিব্ৰুগড় আৰু লক্ষীমপুৰ । সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰা সকলৰ ভিতৰত আছে লক্ষীমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰদান বৰুৱা,তেজপুৰৰ কাৰণে বিজেপিৰ পল্লৱ লোচন দাস, তেজপুৰৰ কংগ্ৰেছৰ কাৰণে এমজীভিকে ভানু,ডিব্ৰুগড়ত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ,যোৰহাটত কংগ্ৰেছৰ তপন কুমাৰ গগৈ, কলিয়াবৰ সমষ্টিৰ অসম গণ পৰিষদৰ মনি মাধৱ মহন্ত আৰু এনপিপিৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল অজীজ, ইফালে প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে কলিয়াবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰ দাখিল কৰিছে । অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী নৱ কুমাৰ দলেৰ লগত লক্ষীমপুৰত বিজেপি বিধায়ক প্ৰদান বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে ৷

প্ৰদান বৰুৱাই যাৱতীয় কাগজ পত্ৰ দাখিল কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কয় যে বিজেপিৰ জয় নিশ্চিত ৷ জনসাধাৰণে বিকাশৰ কাৰণে বিজেপি দলক আকৌ ভোট প্ৰদান কৰিব। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে বিজেপি বিগত পাঁচ বছৰত বহু কৰিলে ৷ যি কংগ্ৰেছে ৫৫ বছৰতো কৰিব নোৱাৰিলে৷ জনসাধাৰণে পুনৰাই নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত কৰিব বিছাৰিছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ সহিতে পল্লৱ লোচন দাসে তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰে ৷ সংবাদমাধ্যমৰ সন্মুখত পল্লৱ লোচন দাসে কয় যে,মই লোকসভা নিৰ্বাচনত জনতাক সেৱা কৰিবৰ কাৰণে প্ৰতিদ্বন্দিতা কৰিছোঁ ৷ তেজপুৰত বিজেপিৰ জয় নিশ্চিত ৷

ইয়াৰ মাজতে তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী এমজিভিকে ভানু মনোনয়ন পত্ৰ দাখিল কৰে ৷ আৰু এমজিভিকে ভানুৱে তেজপুৰত জয় নিশ্চিত বুলি দাবী কৰিছে ৷ তেওঁৰ লগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা,ৰাজ্যৰ বিধানসভাৰ প্ৰাক্তন সভাপতি টংক বাহাদূৰ ৰায় আৰু অন্যান্য লোকসকলো আছিল ৷ প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাৰ্ঝী ,কংগ্ৰেছৰ নেতা পৱন সিং ঘাটোৱাৰেও ডিব্ৰুগড় লোকসভা আসনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰে। সংবাদ মাধ্যমৰ সন্মুখত হোৱা সাক্ষাতকাৰত কংগ্ৰেছৰ নেতা ঘাটোৱাৰে কয় যে লোকসভা আসনৰ কাৰণে এইয়া মোৰ আঠ নম্বৰৰ কাৰণে প্ৰতিদ্বন্দিতা আগবঢ়াইছো । মই জনসাধাৰণৰ পৰা আশীৰ্বাদ বিছাৰিছো ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল (Sarbananda Sonowal) আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়েও মনোনয়ন পত্ৰ দাখিল কৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে মই বিকাশৰ কাৰণে জনসাধাৰণৰ পৰা ভোট বিছাৰিছোঁ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জীত কুমাৰ দাস,এজিপিৰ সভাপতি অতুল বৰা,এজিপিৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,বিধায়িকা আঙুৰলতা ডেকা,ভবেন ভৰাঁলী,মৃণাল শইকীয়া আৰু অন্যান্য সকলৰ লগতে কলিয়াবৰৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই মনোনয়ন পত্ৰ দাখিল কৰে ৷ সংবাদ মাধ্যমৰ সন্মুখত হোৱা কথা বাৰ্তা মণি মাধৱ মহন্তই কয় যে, কলিয়াবৰৰ লোকসকলে তেওঁলোকৰ সমস্যাসমূহে সংসদত উত্থাপন হোৱাটো বিছাৰে ৷

ইয়াৰ মাজতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণেও প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰা শেষ তাৰিখে ২৬ মাৰ্চ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ আগবঢ়োৱা সকলৰ ভিতৰত মংগলদৈৰ ভূবনেশ্বৰ কলিতা,বিজেপি প্ৰতিদ্বন্দী দিলীপ শইকীয়া,বিজেপিৰ ডিফুৰ প্ৰাৰ্থী বীৰেন সিং ইংতি,কংগ্ৰেছৰ কৰীমগঞ্জৰ প্ৰাৰ্থী স্বৰূপ দাস আৰু এআইইউডিএফৰ নেতা ৰাধেশ্যাম বিশ্বাস,বিজেপিৰ শিলচৰৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰয় আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দী সুস্মিতা দেৱ ৷ উল্লেখ্য যে,কৰীমগঞ্জ,শিলচৰ,স্বায়ত্ত শাসিত জিলা, মংগলদৈ আৰু নগাঁওত ১৮ এপ্ৰিলত হ’ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ১৪ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story