Begin typing your search above and press return to search.
প্ৰসংগঃ লোকসভা নিৰ্বাচনঃ অসমত চাৰিটা সমষ্টিত অগ্ৰগতিৰ দিশত বিজেপি

আজি ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি ক্ৰমে অগ্ৰগতিৰ দিশত আগবাঢ়ি, বিৰোধী দল কংগ্ৰেছক অতিক্ৰম কৰিছে ৷ তলত অসমৰ মুখ্য চাৰিটা সমষ্টিসমূহ ভোটৰ তথ্য দিয়া হ’ল৷
শিলচৰ
ড° ৰাজদীপ ৰয়ঃ বিজেপিৰ প্ৰাৰ্থী ড° ৰাজদীপ ৰয়ৰ মুঠ ভোটৰ সংখ্যা ১২০৮৪৫ ৷
সুস্মিতা দেৱঃ কংগ্ৰেছৰ প্ৰাৰ্থী মুঠ ভোটৰ সংখ্যা ৮৪৮৭৩ ৷
ডিব্ৰুগড়ঃ
বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ মুঠ ভোটৰ সংখ্যা হৈছে ৩৮৯৬৩১
ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰৰ ভোটৰ সংখ্যা ১৭৫৪৯৯৷
নগাঁও
নগাঁৱত বিজেপিৰ ৰূপক শৰ্মাৰ মুঠ ভোটৰ সংখ্যা হৈছে ২৭৮৫৮৮ ৷ আৰু প্ৰদ্যুত বৰদলৈৰ মুঠ ভোটাৰৰ সংখ্যা ২৫০৮১৪ ৷
তেজপুৰ
তেজপুৰৰ বিজেপিৰ পল্লৱ লোচন দাসৰ মুঠ ভোটৰ সংখ্যা ২১,৭১৬৬ টা আৰু কংগ্ৰেছৰ এম জি ভি কে ভানুৰ মুঠ ভোটৰ সংখ্যা ১৩০০৪৮ টা ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story