Begin typing your search above and press return to search.

প্ৰসংগঃ সুৰা ট্ৰেজেদীঃপ্ৰশাসন আৰু আবকাৰী বিভাগৰ বিফলতা

প্ৰসংগঃ সুৰা ট্ৰেজেদীঃপ্ৰশাসন আৰু আবকাৰী বিভাগৰ বিফলতা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Feb 2019 5:46 AM GMT

উজনি অসমৰ গোলাঘাটত বিষাক্ত চুলাই মদ সেৱন কৰি মৃত্যু হৈছে ১০০ ৰো অধিক লোক। শনিবাৰে বিয়লি বাতৰি প্ৰস্তুত কৰা সময়লৈকে প্ৰায় ১০২ লোকৰ মৃত্যু হৈছে বুলি তথ্য পোৱা গৈছে ৷ বেচৰকাৰী তথ্য মতে গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০ জন বুলি জানিব পৰা গৈছে৷ এক বিশেষ সূত্ৰই দ্য চেন্টিনেলৰ আগত প্ৰকাশ কৰে যে,সম্প্ৰতি যোৰহাট মেডিকেল কলেজ আৰু চিকিৎসালয়ত সুৰা সেৱন কৰি চিকিৎসাধীন হৈ আছে বহু লোক। লগতে এই সকল লোকৰ ভিতৰত মৃত্যু হৈছে প্ৰায় ৫১ জন লোক ৷ ইফালে ৪৭ জন লোকে মৃত্যুক সাৱটি লয় শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ।৪ জন মৃত্যুক সাৱটি লয় তিতাবৰ চিভিল চিকিৎসালয়ত ৷

ইফালে সম্প্ৰতি গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে চুই গৈছে ৰাজ্যৰ জনসাধাৰণক ৷ বিভিন্ন দল সংগঠন,ব্যক্তি বিশেষে এই সন্দৰ্ভত ক্ষোভৰ উদগীৰণ ঘটিছে ৷ অন্যহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে বিষাক্ত চুলাই সেৱন কৰি চিকিৎসাধীন হৈ থকা লোকসকলক ৷ ৰাজ্য চৰকাৰে চুলাই খায় মৃত্যুক সাৱটি লোৱা সকলক ২ লাখ টকা আৰু চিকিৎসাধীন হৈ থকা সকলক ৫০ হাজাৰ টকাকৈ সাহাৰ্য প্ৰদান কৰে ৷আৰু এই বিষাক্ত সুৰা সেৱন কৰি বিভিন্ন জন লোকে মৃত্যুক সাৱটি লোৱাৰ পিছতে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সম্প্ৰতি ৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে,চুলাই হৈছে এবিধ স্থানীয় সুৰা ৷উজনি অসমত চাহ বাগান অঞ্চলসমূহৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আশে পাশে সাপ্তাহিক বজাৰত মুকলিকৈ বিক্ৰী কৰা হয় এইবিধ সুৰা ৷ মন কৰিব লগা কথা এয়ে যে, ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগ,আৰক্ষী আৰু জিলা প্ৰশাসনৰ চকুত ধূলি দি সুৰা তৈয়াৰ কাৰ্য চাহ বাগান অঞ্চলসমূহত ঘটি থাকে৷ কিন্তু বিভাগীয় সকলো কৰ্তৃপক্ষ নিৰৱ দৰ্শক ৷ কিন্তু প্ৰশ্ন হয় এই সমগ্ৰ ঘটনাত তেওঁলোকো জড়িত আছে নেকি?

দিছপুৰে এই সুৰা সমূহত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও বিফল হয় ৷ কাৰণ এনেধৰণৰ চুলাই প্ৰস্তুত কৰা লোকে সম্প্ৰতি সমগ্ৰ ৰাজ্য চানী ধৰিছে ৷ ইফালে গোলাঘাটৰ শালমীৰা চাহ বাগানৰ এই দুখজনক ঘটনাৰ পিছত সম্প্ৰতি চাহ জনজাতিসকলৰ বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰাটো বিচাৰিছে ৷ লগতে আৰ্থিক সাহাৰ্য্যৰ দাবী কৰিছে ৷ উল্লেখ্য যোগ্য যে,এই ধৰণৰ সংগঠনসমূহে পূৰ্বতে কেতিয়াও অবৈধ চুলাই মদৰ বেপাৰ বন্ধ কৰিবৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল। লগতে এই অবৈধ মদৰ ব্যৱসায় উচ্চেদ কৰিবৰ কাৰণে ৰাজ্যত কেতিয়াও সজাগত অনা নাই ৷

অৱশ্যে শিৱসাগৰ আৰু গোলাঘাট জিলাত কিছু সংখ্যক মহিলা সংগঠনে অবৈধ সুৰাৰ ঘাটি সমূহ উচ্চেদ কৰি আহিছে ৷ইফালে শালমীৰা চাহ বাগানৰ সুৰা সেৱন কৰি মৃত্যু হোৱা ঘটনাটো ৰাজ্যৰ আবকাৰী বিভাগৰ কাৰণে এটি বৃহৎ বিফলতা। ইফালে আৰক্ষী বিভাগে অবৈধ সুৰা প্ৰস্তুত কৰা সন্দৰ্ভত কিবা তথ্য পালে তদন্ত কৰাত প্ৰশাসন কেতিয়াও থমকি ৰ’ব নালাগে ৷ ইফালে গোলাঘাটৰ সুৰা ট্ৰেজেদীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যৰ সৰ্বত্ৰে ৷পৰিয়াল পৰিজনক হেৰুৱাই নিথৰুৱা হৈ পৰিছে বহুজন ৷ অনাকাংক্ষিত অমানিশাই বাকৰুগ্ধ কৰিছে বহু জনক। কোনোবাই যদি পিতৃক হেৰুৱাইছে ৷কোনোবাই আকৌ ভ্ৰাতৃক। ভয় আৰু উত্তেজনাই বিৰাজ কৰিছে শালমৰাৰ বিভিন্ন অঞ্চলত। সম্প্ৰতি এই ঘটনাৰ পিছত চুলাই মদৰ ঘাটি উচ্চেদৰ ক্ষেত্ৰত চৰকাৰে কি ভূমুকি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story