Begin typing your search above and press return to search.

প্ৰসংগ:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬:৭০টা সংগঠনৰ প্ৰতিবাদত কঁপিল মেঘদূত ভৱনৰ সন্মুখ

প্ৰসংগ:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬:৭০টা সংগঠনৰ প্ৰতিবাদত কঁপিল মেঘদূত ভৱনৰ সন্মুখ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2018 12:47 PM GMT

মঙলবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০ টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ৷নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত গুৱাহাটীত আজি পুনৰ ৭০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিলে। সংগঠনকেইটাই গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ জৰিয়তে বিধেয়ক খন বাতিলৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তোলে।

যুটীয়া সংসদীয় সমিতিৰ নতুন দিল্লীত অনুষ্ঠিত হব লগীয়া বৈঠকৰ দিনটোতেই প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ চৰকাৰে বাতিল কৰিবই লাগিব বুলি দাবী জনায়।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে শিৱসাগৰৰ নিৰ্বাচনী প্ৰচাৰত অসমৰ কিছু জাতীয় সংগঠনে জনসাধাৰণক বিপথে পৰিচালনা কৰিবলৈ আন্দোলন কৰিছে তথা এই আন্দোলন ভিত্তিহীন বুলি মন্তব্য কৰিছিল।

এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰে ।

পলাশ চাংমাই কয়, জাতিবিৰোধী “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল নকৰা পযৰ্ন্ত আমাৰ আন্দোলন বন্ধ নহয়, যদিহে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দায়িত্ব সৰ্বানন্দ সোণোৱালে লয় তেন্তে নিশ্চিত ভাৱে ৭০ টা জনগোষ্ঠীয় সংগঠনে আন্দোলন বন্ধ কৰিব।"

উত্তৰ পূৱৰ আন ৰাজ্যৰ বিধানসভাই যদি বিধেয়ক খনৰ বিৰোধিতা কৰিব পাৰে তেন্তে অসম চৰকাৰৰ নিমাতী কন্যা সৰ্বানন্দ সোণোৱালে কিয় সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলিও মন্তব্য আগবঢ়াই পলাশ চাংমাই।

এসময়ৰ জাতীয় নায়কক ককৰ্থনা কৰি পলাশ চাংমাই কয়“আৰ এছ এছ আৰু দিল্লীক সন্তুষ্ট কৰিবৰ বাবে সৰ্বানন্দ সোণোৱালে জাতিটোক বিক্ৰী কৰিব বিচৰা কথাটো অতিশয় দুৰ্ভাগ্যজনক"।

আনহাতে, উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি অসমীয়া যুৱ মঞ্চৰ কামৰূপ জিলাৰ সভাপতি নোমল বৰাই সোণোৱালক’ নিমাতী কন্যা আখ্যা দিয়াৰ লগতে কয়,”অসমৰ ৰাইজে আপোনাক ৰজা পাতিছিল, কিন্তু এতিয়া আপুনি অসমীয়াক আঘাত হনাৰ বাবে উঠি পৰি লাগিছে।”

প্ৰতিবাদকাৰীসকলে “বিজেপি নিপাত যাওঁক”, ‘’আৰ এছ এছ মুৰ্দাবাদ”, ‘’কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ’’, বিজেপি লেই লেই চেই চেই ইত্যাদি ধ্বনিৰে মেঘদূত ভৱনৰ সন্মুখ উত্তাল কৰি তোলে।আজিৰ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী ৭০ টা জাতীয় সংগঠনে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অন্য খবৰৰ বাবে পঢ়ক:ৰাজ্যিক বাতৰি

Next Story
চাকৰি