প্ৰসংগ : উগ্ৰতাৰা দেৱালয় চুৰিকাণ্ড আৰক্ষীৰ তদন্ত অব্যাহত

প্ৰসংগ : উগ্ৰতাৰা দেৱালয় চুৰিকাণ্ড  আৰক্ষীৰ তদন্ত অব্যাহত
Published on

ৰাজ্যৰ চাঞ্চল্যকৰ উগ্ৰতাৰা চুৰি কাণ্ডৰ আন তথ্য,অভিযুক্তই সাত হাজাৰ টকাত বিক্ৰী কৰিছিল মন্দিৰৰ মূল বিগ্ৰহ ৷ এই সন্দৰ্ভত সোমবাৰে আৰক্ষীয়ে আটক কৰিছে সাতজন লোকক ৷ গ্ৰেপ্তাৰ কৰা সাতজন লোকৰ ভিতৰত আছে দুগৰাকী মহিলাও ৷ আৰক্ষীৰ ভাষ্য অনুসৰি,CCTV ফুটেজক কেন্দ্ৰ কৰি আৰক্ষীয়ে অনুসন্ধান চলাইছিল ৷ কিন্তু নিশাৰ আন্ধাৰত অস্পষ্ট ভিডিঅ’ৰ কাৰণে আৰক্ষীয়ে উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডটোৰ লগত জড়িত লোক কেইজনক চিনাক্ত কৰাত অসুবিধা হৈছে,যদিও আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে আৰক্ষীৰ তদন্ত ক্ষিপ্ৰ গতিত হ’লে চুৰি কাণ্ডটোৰ লগত আৰু অধিক অভিযুক্তযে আটক হ’ব সেয়া নিশ্চিত ৷ উল্লেখ্য যে, দেওবাৰে উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডৰ লগত জড়িত পাঁচজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ এই চুৰি কাণ্ডটোৰ সন্দৰ্ভত গুৱাহাটীৰ আয়ুক্ত,CBI ৰ বিশেষ শাখা,মহানগৰ আৰক্ষী সহিতে তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডটো হৈছে দ্বিতীয়টো চুৰি কাণ্ড ৷ ইয়াৰ আগতেও প্ৰায় ন বছৰৰ আগতে উগ্ৰতাৰা মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈছিল ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,সম্প্ৰতি ৰাজ্যখনত বৃদ্ধি পোৱা চুৰি ডকাইতিৰ অন্যতম কাৰণ হৈছে বিভিন্ন লোকৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি ৷ ড্ৰাগচ তথা অন্যান্য মাদক দ্ৰব্যৰ সেৱনৰ ফলত মানুহে মানসিক ভাৰসাম্যতা হেৰুৱাই ৷ লগতে চুৰি ডকাইতিকে ধৰি বিভিন্ন অনৈতিক কাৰ্যকলাপৰ প্ৰতি স্পৃহা বাঢ়ি যায় ৷ সেয়েহে আৰক্ষীয়ে উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডত ড্ৰাগচ আসক্ত লোকৰ দ্বাৰা সংঘটিত হৈছে সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত ২৭১/১৮ u/s ৪৫৭/৩৮0 ধাৰাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে,গুৱাহাটীৰ উজান বজাৰস্থিত উগ্ৰতাৰা মন্দিৰ হৈছে দেশৰ ৫২ খন শক্তিপীঠৰ অন্যতম ৷শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৰ পৰা বজাৰ ভিতৰত চোৰে লুটি লৈ গৈছিল অষ্টধাতুৰ মূৰ্তি,দানপাত্ৰ,ধন সোনৰ লগতে বহু মূল্যবান সামগ্ৰী ৷ চুৰি কাণ্ডটো সংঘটিত হোৱাৰ পিছত ভক্তসকলৰ মাজত সৃষ্টি হৈছিল যথেষ্ট চাঞ্চল্যৰ ৷ ভক্তসকলে অতি শীঘ্ৰেই অভিযুক্তক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ নিৰ্দেশ দিছিল আৰক্ষীক। সেই মৰ্মে আৰক্ষীয়ে মন্দিৰৰ CCTV ফুটেজক কেন্দ্ৰ কৰি কৰা তদন্তত দেওবাৰে পাঁচজনক আটক কৰাৰ লগতে সোমবাৰে সাতজন অভিযুক্তক আটক কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক:ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com