প্ৰসংগ বাজেট ২০১৯-২০: শাসক-বিৰোধীৰ মাজত অব্যাহত প্ৰতিক্ৰিয়া

বুধবাৰে বিধাসভাত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাজেট ২০১৯-২০ক খন লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বাজেট খনৰ সন্দৰ্ভত শাসক পক্ষই জনতাৰ বাজেট তথা "বিকাশ ভিত্তিক" কোৱাৰ বিপৰীতে বিৰোধী পক্ষই "নিৰ্বাচন ভিত্তিক" আখ্যা দিছে ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাজেটখনৰ সন্দৰ্ভত সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত কয় যে বিগত দুই বছৰৰ অভিজ্ঞতা আৰু ভৱিষ্যত উন্নয়নৰ দিশত অগ্ৰসৰ হ’ব পৰাকে বাজেটখন প্ৰস্তুত কৰা হৈছে ৷ৰাজ্যখনৰ সৰ্বাঙ্গীন উন্নতিৰ দৃঢ় প্ৰতিজ্ঞ হৈ আমি সমাজৰ সকলো স্তৰৰ জনসাধাৰণক সাঙুৰি লোৱাৰ প্ৰয়াস কৰিছোঁ ৷এই মন্তব্য মন্ত্ৰী ড° শৰ্মাৰ ৷
লগতে মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি বিনিয়োগ সৰ্বোচ্চ হৈছে ৷ ৰাজহ বিভাগৰ পুঁজিয়ে লাভ কৰিছে ৭৯.০০০ কোটি টকা ৷আনহাতে ইয়াৰে ৰাজধানীয়ে খৰচ কৰিছে ২১.০০০ কোটি টকা ৷ বাজেটত ঘোষণা কৰা অন্যান্য সুবিধা সমূহৰ বিষয়ে ড° শৰ্মাই কয় যে জনতাই প্ৰতি কিলোগ্ৰাম চাউলত ১ টকা মূল্যত লাভ কৰিব ৷লগতে বিত্ত মন্ত্ৰী ড° শৰ্মাই কয় যে মই সুখী অনুভৱ কৰিছোঁ যে আমি যি পৰিয়ালৰ বাৰ্ষিক আয় ৫ লাখতকৈ কম তেওঁলোকৰ কন্যা সন্তানক এক তোলা সোণ প্ৰদান কৰিব ৷ ইফালে বিৰোধীৰ সম্পৰ্কত ড° শৰ্মাই কয় যে,বিৰোধীয়ে আলোচনা কৰিব ৷কিন্তু তাৰে কিছু বিধায়কে আঁচনি সমূহ গ্ৰহণ কৰিব ৷
ইফালে অসম বিধানসভাত বুধবাৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ বাজেটখনৰ সন্দৰ্ভত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বাজেটখনক নিৰ্বাচনমুখী বুলি মন্তব্য কৰে ৷ লগতে কয় যে সামগ্ৰিক বিকাশ বুলি একো নাই বাজেটত ৷ কাৰণ বানপানী আৰু জুইত জাহ গৈ ক্ষয়ক্ষতিৰ প্ৰসংগটোক লৈ কোনো ধৰণৰ প্ৰসংগসমূহ বাজেটত উল্লেখ নাই ৷ জুইত জাহ গৈ ক্ষয়ক্ষতিৰ সন্মুখীন হোৱা পৰিয়ালসমূহৰ বিষয়ে একো উল্লেখ নাই বাজেটত ৷ অন্যহাতে নিবনু্ৱা যুৱকসকলৰ কাৰণেও কোনো ধৰণৰ সুবিধাও নাই বাজেটত ৷ এই মন্তব্য অতুল বৰাৰ ৷
অন্যহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় বাজেটখনৰ সম্ভৱনা নাই ৷এইখন হৈছে ফুলজাৰি বাজেট ৷বহু সংখ্যক আঁচনিৰ উল্লেখ আছে ৷ কিন্তু এই আঁচনিসমূহ কিমান সংখ্যক বাস্তৱত ৰূপায়িত হ’ব সেয়া সন্দেহৰ আৱৰ্তত ৷বিগত বৰ্ষটো বহু আঁচনিৰ প্ৰস্তুত কৰিছিল যদিও তাৰ আমি প্ৰতিবিম্বটোও দেখা নাপালোঁ ৷লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে বিদেশী সমস্যাৰ ক্ষেত্ৰত কোনো ধৰণৰ উল্লেখ নাই বাজেটত ৷ইয়াৰোপৰি চৰকাৰে কিয় ১ টকা মূল্যত কিয় চাউল নিদিয়ে বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী গগৈয়ে ৷
সৰভোগৰ বিজেপি বিধায়ক ৰঞ্জীত কুমাৰ দাসে বাজেটখনৰ প্ৰসংগত কয় যে এই বাজেটখন ৰাজ্যখনৰ স্বদেশীলোকৰ প্ৰস্তুত কৰা হৈছে ৷বাজেটখন যুৱক যুৱতী,মহিলা,বৃদ্ধ আৰু বিধবাসকলৰ লগতে সকলোকে সাঙুৰি লৈছে ৷লগতে এই বাজেটখনে চাহ জনজাতিসকলকো উপকৃত কৰিব ৷ মুঠতে এই বাজেট খন এখন "বিকাশ ভিত্তিক" বাজেট ৷এইআইইউডিএফৰ বিধায়ক হাফীজ বসীৰ আহমদ কাচিমী বাজেটখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যে এই বাজেটখন হ’ল নিৰ্বাচন ভিত্তিক বাজেট৷আগন্তক লোকসভা নিৰ্বাচনৰ কথা ভাবি এই বাজেট প্ৰস্তুত কৰা হৈছে ৷ লগতে বিধায়কজনে কয় যে প্ৰায় সংখ্যক আঁচনি কাগজটে সীমাবদ্ধ থাকিব ৷কাৰণ বিগত বৰ্ষৰ বাজেটসমূহো বাস্তৱত ৰূপায়িত ন’হল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি