প্ৰসংগ :# Metoo:মুম্বাইৰ আৰক্ষীৰ ন’টিচ অভিনেত্ৰী ডেইজী শ্বাহলৈ; কিন্তু কিয়?

সম্প্ৰতি বলীউডত ধুমুহাৰ সৃষ্টি কৰিছে #Metoo য়ে ৷ বলীউডৰ বহু ৰথী মহাৰথী সাঙোৰ খাইছে #Me tooত ৷ শেহতীয়াকৈ মুম্বাই আৰক্ষীয়ে তনুশ্ৰী দত্তা আৰু নানা পাটেকাৰৰ #Metoo ৰ সন্দৰ্ভত সাক্ষী দিবৰ কাৰণে ন’টিচ দিয়ে ডেৰ্জী শ্বাহক । কাৰণ "হৰ্ণ অ’কে প্লীজ"ছবিখনৰ এটি গীতৰ প্ৰেকটিছৰ সময়ত নানা পাটেকাৰৰ বিৰুদ্ধে তনুশ্ৰী দত্তাই আপত্তিজনক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷
সেই সময়ত ছবিখনৰ কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ এচিষ্টটেন্ট কৰিঅ’গ্ৰাফাৰ হিচাপে আছিল অভিনেত্ৰী ডেইজী শ্বাহ। আনহাতে,এক সাক্ষাৎকাৰত অভিনেত্ৰী ডেইজী শ্বাহে মন্তব্য কৰিছিল যে,তনুশ্ৰী দত্তাৰ লগত ডেইজী শ্বাহে মাত্ৰ তিনিদিন কাম কৰিছিল ৷ তিনিৰ ভিতৰত দুদিন সুকলমে কাম সম্পন্ন হৈছিল যদিও তিনিদিনৰ দিনা কি হৈছিল সেই কথা ডেইজী শ্বাহৰ জ্ঞাত নহয় ৷
কিন্তু তনুশ্ৰীয়ে নিজকে প্ৰায় ৪ ঘন্টা ভেনিটীত আৱদ্ধ কৰি ৰাখিল ৷ লগতে ইয়াৰ পিছত তনুশ্ৰীয়ে শ্বুটিং স্থলীলৈ যাবলৈও অশ্বস্তি অনুভৱ কৰিছিল ৷ ইফালে, মুম্বাই আৰক্ষীয়ে সকলো তথ্য জনাৰ পিছত # Me too ৰ অভিযোগত অভিযুক্ত নানা পাটেকাৰক মাতিব ৷ উল্লেখ্য যে,তনুশ্ৰী দত্তাই নানা পাটেকাৰৰ বিৰুদ্ধে আশিবাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ আইপিচি ধাৰা 354A আৰু 509 ত এজাহাৰ দাখিল কৰে অভিনেত্ৰী তনুশ্ৰী দত্তাই ৷
ইয়াৰ পিছত বলীউডৰ লগতে নানা পাটেকাৰৰ অনুৰাগীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আনহাতে তনুশ্ৰী দত্তাই নানা পাটেকাৰৰ উপৰিও কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্য,প্ৰযোজক চামী চিদ্দিকী,ৰাকেশ সাৰংগৰ লগতে মহাৰাষ্ট্ৰৰ নব নিৰ্মাণ সেনাৰ কিছুসংখ্যক কৰ্মকৰ্তাৰ নামো উল্লেখ কৰিছে ৷
অন্য খবৰৰ বাবে পঢ়ক:মনোৰঞ্জন