প্ৰাকৃতিক দুৰ্যোগে পুনৰ জোকাৰিলে ইণ্ডোনেছিয়া

এটাৰ পিছত এটা প্ৰাকৃতিক দূৰ্যোগে জোকাৰি গৈছে ইণ্ডোনেছিয়া। শনিবাৰে নিশা ইণ্ডোনেছিয়াৰ জাভা আৰু সুমাত্ৰা দ্বীপত হোৱা প্ৰলয়ংকাৰী ছুনামিত ২২২ জন লোকৰ প্ৰাণহানি হৈছে। সমগ্ৰ দ্বীপটোক জোকাৰি যোৱা ছুনামিত ৮৪৩ জন লোক আহত হৈছে। ইণ্ডোনেছিয়াত ক্ৰাকাটাউ আগ্নেয়াগিৰিৰ উদগীৰণৰ ফলত সমুদ্ৰত সৃষ্টি হোৱা প্ৰচণ্ড জোকাৰণিৰ ফলত সমুদ্ৰ পৃষ্ঠ ওফণ্ডি উঠি এই ছুনামিৰ সৃষ্টি হৈছে। ইণ্ডোনেছিয়াত হোৱা এই প্ৰচণ্ড ছুনামীৰ ফলত এতিয়ালৈ অৰ্ধশতাধিক লোক সন্ধানহীন হৈ আছে, দেশখনৰ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। নিশা সংঘটিত হোৱা এই ভয়ংকৰ ছুনামীৰ ফলত দেশখনৰ অন্তৰ্গত দ্বীপ দুটাত ৯ খন বিলাসী হোটেল, ৬০ খন বিপনী আৰু প্ৰায় ৫৫৬ টা মানুহে বসবাস কৰা ঘৰৰ বিস্তৰ ক্ষতিসাধন হয়। ৰয়টাৰ্চ নামৰ নিউজ সংস্থা এটাই এই কথা সদৰি কৰে।
ছুনামীৰ সময়ত সাগৰত চলি থকা আৰু সাগৰৰ পাৰত থকা তিনিশতকৈও অধিক মাছমৰীয়াৰ নাওঁ ধ্বংস হয়। ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৭-৩০ বজাত আগ্নেয়াগিৰিৰ উদগীৰণ হয় আৰু তাৰ পিছতে সমূদ্ৰ পৃষ্ঠৰ তলিত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হৈ ভয়াবহ ছুনামীৰ সৃষ্টি হয়। দেশখনৰ দ্বীপ দুটাৰ সাগৰীয় উপকূল অঞ্চলত সাগৰীয় ঢৌ আৰু বতাহে প্ৰায় ছয়ৰ পৰা দহ ফুট পৰ্য্যন্ত উচ্চ ঢৌৰ সৃষ্টি কৰে। ইণ্ডোনেছিয়াত প্ৰায় অতি সঘনে ভূমিকম্প আৰু ছুনামিৰ সৃষ্টি হৈ আহিছে আৰু দেশখনৰ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। ২০০৪ চনতো ইণ্ডোনেছিয়া আৰু অন্য তেৰখন দেশক প্ৰলয়ংকাৰী ছুনামিয়ে জোকাৰি গৈছে। প্ৰায় ২২৬০০০ লোকৰ এই ভয়ংকৰ ছুনামিত মৃত্যু হৈছিল, কেবল মাত্ৰ ইণ্ডোনেছিয়াতে ১২০০০০ লোকৰ ছুনামিৰ ফলত মৃত্যু হৈছিল। ইণ্ডোনেছিয়াৰ লগতে ভাৰতৰো দক্ষিণ প্ৰান্তক এই ছুনামিয়ে জোকাৰি গৈছিল, চেন্নাইৰ উপকূলীয় অঞ্চলত বহু লোক ছুনামিৰ ফলত মত্যু হৈছিল। কেইমাহমান আগতে ইণ্ডোনেছিয়াৰ লম্বক আৰু ছুলাৱেছি দ্বীপত ভূমিকম্প হৈছিল আৰু এই ভূমিকম্পৰ ফলত বহু লোকৰ প্ৰাণ হৈছিল।
ইণ্ডোনেছিয়াত সংঘটিত হোৱা ছুনামিৰ ফলত ক্ষতিগ্ৰস্থ অঞ্চল সমূহত জোৰদাৰ গতিত উদ্ধাৰ অভিযান চলি আছে। দেশখনৰ ৰাষ্ট্ৰপতি উইড'ড'ই ইতিমধ্যে দেশখনৰ সেনা বাহিনী আৰু অন্যান্য উদ্ধাৰকাৰী দল সমূহক উদ্ধাৰ অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিছে। দেশখনৰ স্থল সেনা, জল সেনা আৰু বায়ু সেনাই উদ্ধাৰ অভিযানৰ সময়ত আক্ৰান্ত সকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে। সুমাত্ৰা আৰু জাভাৰ মধ্য ভাগত থকা ক্ৰাকাটাউ আগ্নেয়াগিৰিটোৰ পৰা দীৰ্ঘদিন ধৰি উত্তপ্ত লাভা ওলাই আছিল, আৰু এই আগ্নেয়াগিৰি সম্পূৰ্ণ উদগীৰণ হোৱাৰ ফলতে ভয়ংকৰ ছুনামি সৃষ্টি হয়। ১৮৮৩ চনতো এই জীবন্ত আগ্নেয়াগিৰিটোৰ উদগীৰণৰ ফলত বহু লোকৰ প্ৰাণ নাশ হৈছিল। ছুনামিত ক্ষতিগ্ৰস্থ হোৱা ইণ্ডোনেছিয়াক ওচৰ চুবুৰীয়া অষ্ট্ৰেলিয়া আৰু মালেছিয়াই উদ্ধাৰ অভিযানৰ সময়ত সহায়ৰ হাত আগ বঢ়ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি