Begin typing your search above and press return to search.

প্ৰাকৃতিক পৰিঘটনাৰ সন্মুখীন হোৱা লোকসকলৰ সন্দৰ্ভত সক্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

প্ৰাকৃতিক পৰিঘটনাৰ সন্মুখীন হোৱা লোকসকলৰ সন্দৰ্ভত সক্ৰিয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 12:23 PM GMT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মংগলবাৰে ৰাজ্যখনৰ ৰাজহ বিভাগক প্ৰাকৃতিক পৰিঘটনাত প্ৰভাৱিত লোকসকলক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী সোনোৱালে ভূমিহীন লোকসকলকো চৰকাৰী সহায় কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ উপৰি সোনোৱালে বিভাগীয় কৰ্তৃপক্ষক ৰাজ্যৰ অগ্নি কাণ্ডৰ সন্মুখীন হোৱা লোকসকলক সহায় কৰিবলৈ কয়। ইফালে অগ্নিকাণ্ডৰ সন্মুখীন হোৱা ফাৰ্মসমূহৰ মালিকসকলক সহায় কৰিবলৈ নতুন নিৰ্দেশিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে সোনোৱালে ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জনতা ভৱনত এখন বৈঠকত অংশ লৈ ৰাজ্য বিভিন্ন বিষয়সমূহৰ উপৰিও বানপানীৰ সন্দৰ্ভতো মন্তব্য কৰে ৷

বৈঠকখনত প্ৰাকৃতিক দুৰ্যোগ বা বানপানীৰ সময়ত ৰাজ্যৰ ৰাজহ বিভাগক আগতীয়াকৈ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী সোনোৱালে প্ৰত্যেক জিলাৰ বিভাগীয় কৰ্তৃপক্ষক সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় ৷ যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ প্ৰত্যেক জিলাতে প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ কথাও উল্লেখ কৰে সোনোৱালে। ইফালে বাৰিষাৰ পিছত স্বাস্থ্য সম্পৰ্কীয় যিকোনো পৰিস্থিতিৰ কাৰণে স্বাস্থ্য বিভাগক ঔষধ,ব্লীচিং পাউদাৰৰ দৰে সকলো সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ ,আৰু এই ক্ষেত্ৰত আগতীয়াকৈ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক । অন্যহাতে ৰাজ্যত প্ৰতি বছৰে অহা বানপানীত বন্য জীৱ জন্তুৰ সুৰক্ষাৰ সন্দৰ্ভত আলোচনা কৰে বৈঠকখনত৷

এই ক্ষেত্ৰত সোনোৱালে বন বিভাগক পৰিবহন বিভাগৰ লগত একেলগে কাম কৰিবলৈ কয় ৷যাতে কাঙিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাহিৰত বিচৰণ কৰা বন্য জীৱ জন্তু সমূহৰ কোনো ধৰণৰ দুৰ্ঘটনা নহয় । উল্লেখ্য যে এই বৈঠকখনত গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভতো আলোচনা হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে বিদুৎ বিভাগ সক্ৰিয় হ’বলৈ কয়। যাতে বিকল হোৱা বিদুৎ পৰিবাহী তাঁৰ সমূহ চিনাক্ত কৰে ৷আৰু বানপানীৰ সময়ত বিদুতৰ দ্বাৰা বিগত সময়ত হোৱা ঘটনাৰাজিৰ যেন পুনৰাবৃত্তি নহয় । ইয়াৰ কাৰণে সাৱধান হ’বলৈ কয় বিদুৎ বিভাগক।

লগতে বিভিন্ন দল সংগঠন,আশা কৰ্মী,অংগনবাড়ী কৰ্মী সকলোৱ যাতে এই ক্ষেত্ৰত এক জন জাগৰণ কঢ়িয়াই আনে সেই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷ জল সংশোধন বিভাগক তেওঁলোকৰ প্ৰকল্পসমূহক যুদ্ধকালীন প্ৰস্তুতিৰে সমাধান কৰিবলৈ কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত এই বৈঠকখনত বিভাগীয় কৰ্তৃপক্ষৰ উচ্চ বিষয়াসকলৰ উপৰিও উপস্থিত আছিল আইনী উপদেষ্টা শান্তনু ভৰালী,মুখ্য সচিব আলোক কুমাৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি