প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

যোৱা শুক্ৰবাৰে সদৌ বড়ো ছাত্ৰ ইউনিয়ন(আৱছু)ৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।আৱছুৰ সাধাৰন সম্পাদক লৰেঞ্চ ইছলাৰী,ৰাজ্য সভাৰ প্ৰাক্তন এমপি উৰখাঔ গিউৰা ব্ৰহ্মা,আৱছুৰ সদস্যকৰ্মী,ছাত্ৰ-ছাত্ৰী,স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যমৰ লোক সকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ফুলেৰে শ্ৰদ্ধা জ্ঞাপন কৰে।আৱছুৰ নেতৃবৰ্গই ভাষন প্ৰদান কৰি কয় যে,অটল বিহাৰী বাজপেয়ী এজন এনেকুৱা ব্যক্তি আছিল যিজনে বড়ো সকলৰ ভিন্ন সমস্যা সমূহক বুজি পাইছিল।ইয়াৰ উপৰিওঅটল বিহাৰীৰ বাজপেয়ীৰ শাসনৰ সময়তে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল চুক্তি খন ২০০৩চনত স্বাক্ষৰ হৈছিল আৰু ভাৰতীয় সংবিধানৰ ৮নং দফাত বড়ো ভাষাটোও সন্নিবিষ্ট কৰা হৈছিল বুলি জানিবলৈ দিয়ে।ইয়াৰ লগতে ৰাজ্য সভাৰ প্ৰাক্তন এমপি উৰখাঔ গিউৰা ব্ৰহ্মাই কয় যে অটল বিহাৰী এজন সকলো লোকৰ মাজত জনপ্ৰিয় এজন মন্ত্ৰী আছিল আৰু তেওঁক সকলোৱে সন্মান প্ৰদৰ্শন কৰিছিল।এনেদৰে অসমৰ নামৰূপ,জয়সাগৰ,কলাইগাঁও,টংলা আদি প্ৰায়বোৰ জিলা,নগৰ-চহৰ অঞ্চলতে এই মহান ব্যক্তি গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।