প্ৰাক্তন ভাৰতীয় সেনা বিষয়া মহাম্মদ সোনাউল্লাহক বিদেশী ঘোষণা

প্ৰাক্তন ভাৰতীয় সেনা বিষয়া মহাম্মদ সোনাউল্লাহক বিদেশী ঘোষণা
Published on

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত কালাহিকাচ গাঁওৰ প্ৰাক্তন ভাৰতীয় সেনা বিষয়া মহাম্মদ সোনাউল্লাহক বিদেশী বুলি ঘোষণা কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে ।

বকো বিদেশী ন্যায়াধীশকৰনে ২০১৮ চনৰ ৪ চেপ্তেম্বৰত মহম্মদ সোনাউল্লাহলৈ জাননী জাৰি কৰিছিল আৰু মংগলবাৰে তেওঁক বিদেশী বুলি ঘোষণা কৰে ।

কামৰূপৰ অতিৰিক্ত এচ পি সঞ্জীৱ শইকীয়াৰ মতে ২০০৮ চনত কামৰূপ বিদেশী ন্যায়াধীশকৰনত এটা গোচৰ ৰুজু কৰা হৈছিল । ন্যায়াধীশকৰনৰ ৰায়ৰ পাছত প্ৰাক্তন সেনা বিষয়া গৰাকীক গোৱালপাৰাৰ ডিটেনচন কেম্পত ৰখা হৈছে। কিন্তু তেওঁৰ পৰিয়ালে ন্যায়ৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি প্ৰকাশ কৰিছে ।

উল্লেখ্য যে প্ৰাক্তন সেনা বিষয়া আৰু তেওঁৰ পত্নী সদভানু বিবি, জীয়েক শ্বেহনাজ আখটাৰ, হেলমিনা আখটাৰ আৰু পুত্ৰ চাহিত আলীৰ নাম এন আৰ চিৰ তালিকাটো প্ৰকাশ পোৱা নাই । তেওঁৰ পৰিয়ালৰ সদস্য, দুজন ডাঙৰ ককায়েক স্বৰ্গীয় হানিফ আলী আৰু বাৰেক আলীৰ নাম এন আৰ চিৰ তালিকাত আছে ।

সোনাউল্লাহক ভাগিনিয়েক ৰাজাব আলীয়ে কয় যে সোনাউল্লাহ জন্ম হৈছিল কামৰূপ জিলাৰ চয়গাঁওৰ কলহীকাষ গাঁওত ১৯৬৭ চনৰ ৩০ জুলাইত জন্ম হৈছিল । ১৯৮৫ চনত বকোৰ চাম্পুপাৰা চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিকত উৰ্ত্তীৰ্ণ হৈছিল । তাৰ পাছত বৰপেটা জিলাৰ চেঙা কলেজত অধ্যয়ন কৰে। তেওঁ ২০১৭ চনৰ ৩১ মেত ভাৰতীয় সেনাৰ পৰা অৱসৰ লয় । ২০১৮ চনত অসম আৰক্ষীৰ সীমান্ত শাখাত আৰক্ষী উপ-পৰিদৰ্শক হিচাপে যোগদান কৰে । কামৰূপ জিলাৰ বাইহাতা চাৰিআলি আৰক্ষী থানাতো কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৪ চনৰ ২ চেপ্তেম্বৰত ৰাষ্ট্ৰপতিৰ পৰা প্ৰসংশাৰ মানপত্ৰ লাভ কৰিছিল সোনাউল্লাহে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com