Begin typing your search above and press return to search.

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ বিয়োগ

প্ৰাক্তন মন্ত্ৰী চন্দন সৰকাৰৰ বিয়োগ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Nov 2018 10:24 AM GMT

প্ৰাক্তন কংগ্ৰেছী বিধায়ক,মন্ত্ৰী চন্দন চৰকাৰৰ কালি আকস্মিক বিয়োগ ঘটে। ৬২ বছৰত বিয়োগ ঘটা চৰকাৰে ইহ সংসাৰত পত্লী,পুত্ৰ,জীয়াৰি,বোৱাৰীকে সামৰি বহু ইষ্ট-কুতুম্বক এৰি থৈ যায়। ৰবিবাৰে দিনটো দলীয় কৰ্মী সকলৰ লগত আলোচনাত ব্যাস্ত থকা চন্দন সৰকাৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত শোৱাপাটিলৈ যায় আৰু অসুস্থ অনুভৱ কৰে। পৰিয়ালৰ লোকে চৰকাৰক অভায়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে পিছত স্বাস্থ্যৰ আৰু অধিক অৱনতি ঘটাত বঙাইগাওঁ লৱাৰ আছাম হাস্পাতাললৈ লৈ যায় তাত চিকিৎসকে পৰীক্ষা কৰি চৰকাৰক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষনা কৰে।

চন্দন সৰকাৰৰ মৃত্যুত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, সাধাৰণ সম্পাদক বিশ্বজিত ৰয় আৰু প্ৰক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি চন্দন শৰকাৰৰ মৃত্যু ৰাজ্যিক কংগ্ৰেছৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰে।

১৯৫৬ চনত বঙাইগাওঁ জিলাৰ চাকনাত জন্মগ্ৰহন কৰা চন্দন সৰকাৰ প্ৰথমবাৰৰ বাবে ১৯৯১ চনত দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচিত হয়। আকৌ ২০১১ চনত চৰকাৰে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ সংসদীয় সচিব,ভূমি আৰু জলসিঞ্চন মন্ত্ৰী হিচাপে দায়িত্ব চম্ভালে।প্ৰাক্তন মন্ত্ৰী জনৰ মৃত্যুত সমগ্ৰ অভয়াপুৰী অঞ্চলৰ কংগ্ৰেছী নেতা কৰ্মী সকলৰ মাজত শোকৰ ছাঁ পৰে।

অন্য খবৰৰ বাবে পঢ়ক:

Next Story
চাকৰি