
প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মীক আটক ৷খুমটাইৰ শাওঁতলী চাৰিআলিত উত্তাল প্ৰতিবাদ কৰিছিল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ আটক কৰা সময়ত আৰক্ষী আৰু প্ৰতিবাদ কাৰীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি হয় ৷ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ অভিযোগ গণতান্ত্ৰিক দেশত এইখন চৰকাৰে শান্তিপূৰ্ণ ভাবে কৰা প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাইছে ৷ উল্লেখ্য যে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গোলাঘাট আৰক্ষীয়ে আটক কৰে ৷ পুৱা ৫ বজাৰ পৰা খুমটাইৰ শাওঁতলী চাৰিআলিত প্ৰতিবাদ কৰিছিল কংগ্ৰেছ কৰ্মীসকলে ৷ বন্ধৰ ফলত সমগ্ৰ খুমটাই স্তব্ধ হৈ পৰে ৷