Begin typing your search above and press return to search.

প্ৰাপ্য ধনৰ পৰা বঞ্চিত দিব্যাংগসকল:উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত

প্ৰাপ্য ধনৰ পৰা বঞ্চিত দিব্যাংগসকল:উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 May 2019 10:59 AM GMT

দিব্যাংগসকলৰ দিব্যাংগ পেঞ্চন আঁচনিৰ ধন মোকলাই নিদিয়াৰ অভিযোগত আজি মহানগৰীৰ বামুনী মৈদামৰ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ উদ্যোগত শতাধিক দিব্যাংগই প্ৰাপ্য ধন বিচাৰি কোষাগাৰ প্ৰাধিকাৰীৰ নিজ কোঠাতেই ঘেৰায় কৰে ৷ ইফালে সমাজ কল্যান বিভাগে দিব্যাংগসকলৰ নামত ২৯,৫৪,১৬,০০০ টকা আহিছিল ৷ কিন্তু এই বৃহৎ পৰিমাণৰ ধন মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

অন্যহাতে এই সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সম্পাদক নৃপেন মালাকাৰে কোষাগাৰ বিষয়াৰ হেমাহিৰ বাবেই অসম চৰকাৰৰ দীনদয়াল দিব্যাংগ আঁচনিৰ ধন হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ কৰিছে ৷ যোৱা ১০ জানুৱাৰিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।

এই আঁচনিখনৰ অধীনত প্ৰথম পৰ্যায়ত ১,১৫,১১৫ জন ব্যক্তিক এই ধন মোকলাই দিছিল ৷ আৰু দ্বিতীয় পৰ্যায়ত ২৪,৬১৭ জনৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল। লগতে প্ৰতিবাদৰ সময়ত উপস্থিত থকা দিব্যাংগসকল দীন দয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত বুলি কয় নৃপেন মালাকাৰে ৷ আনহাতে পৰৱৰ্তী সময়ত ১২ মাৰ্চত ২৯,৫৪,১৬,০০০ টকা মোকলাই দিবৰ বাবে সমাজ কল্যান বিভাগে ট্ৰেজাৰি কাৰ্যালয়লৈ পঠায় যদিও বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বিল খন মুকলি ন’হল৷কিন্তু দুমাহ উকলি যোৱাৰ পাছতো আজি পৰ্য্যন্ত দিব্যাংগ সকলে লাভ কৰা নাই এই ধন।

প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সম্পাদক নৃপেন মালাকাৰে সমাজ কল্যান বিভাগতকৈও কোষাগাৰ বিষয়াৰ হেমাহিৰ কথা উল্লেখ কৰে। লগতে সংবাদমেল যোগে এই সমগ্ৰ বিসয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ কৰাৰ বিছাৰিছিল যদিও সুফল নাপালে তেওঁলোকে ৷ অন্যহাতে দিব্যাংগসকলে প্ৰাপ্য ধন পাবই লাগিব বুলি দাবী কৰে নৃপেন মালাকাৰে ৷ আৰু প্ৰাপ্য ধন নোপোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব লাগিব বুলি মন্তব্য কৰে সম্পাদক মালাকাৰে ৷

লগতে প্ৰতিবন্ধী সুৰক্ষা সমিতিয়ে কেতিয়াও প্ৰতিবন্ধী স্বাৰ্থ বিঘ্নিত হোৱা কাম কাকো কৰিবলৈ দিয়া ন’হব বুলি হুংকাৰ দিয়ে নৃপেন মালাকাৰে ৷ উল্লেখ্য যে, এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কোষাগাৰ বিষয়া তবজুল হুচেইনে মন্তব্য প্ৰদান কৰি কয় যে দিব্যাংগ সকলৰ বিষয়টো হয়তো কামৰ হেচাঁৰ মাজত অলপ লেহেমীয়া হৈছে। যিহেতু তেওঁলোকে টকাখিনি পোৱা নাই গতিকে এই বিষয়ত খবৰ কৰিব লাগিছিল। এই ক্ষেত্ৰত কোষাগাৰৰ গাফিলতি নাই বুলি কয় বিষয়া গৰাকীয়ে ৷ গতিকে সম্প্ৰতি দিব্যাংগসকলৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষ্যনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story