Begin typing your search above and press return to search.

প্ৰিয়াংকা নিকৰ গ্ৰেণ্ড পাৰ্টি:উপস্থিত বহু তাৰকা

প্ৰিয়াংকা নিকৰ গ্ৰেণ্ড পাৰ্টি:উপস্থিত বহু তাৰকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Dec 2018 11:44 AM GMT

সদ্য বিবাহিত দম্পত্তী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহৰ উপলক্ষে ৪ ডিচেম্বৰত দিল্লীৰ তাজ পেলেচ হোটেলত এক গ্ৰেণ্ড পাৰ্টিৰ অনুষ্ঠিত হৈ যায়। বিয়াৰ উপলক্ষে দিয়া পাৰ্টিটোত প্ৰিয়াংকাই পৰিধান কৰে ক্ৰীম ৰঙৰ লেহেংগা ৷ লগতে নিক জোন্সে পৰিধান কৰে নীলা ৰঙৰ চ্যুট৷ প্ৰিয়াংকাক ক্ৰীম ৰঙৰ লেহেংগাত আৰু নিকক নীলা ৰঙৰ চ্যুটত দেখাইছিল অত্যন্ত সুন্দৰ ৷

লগতে পাৰ্টিটোত প্ৰিয়াংকা আৰু নিকে নিমন্ত্ৰিত আলহীক নমস্কাৰেৰে সম্ভাষণ জনায় । ইফালে নিকৰ জোন্সৰ পৰিয়ালৰ আৰু প্ৰিয়াংকা চোপ্ৰাৰ পৰিয়ালক প্ৰথমবাৰৰ কাৰণে দেখা গ’ল একেখন মঞ্চত ৷ লগতে ভাৰতীয় পৰম্পৰা লগত সংগতি ৰাখিয়ে নিক জোন্সৰ পৰিয়ালেও পৰিধান কৰিলে ভাৰতীয় সাজ সজ্জা ৷

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

প্ৰিয়াংকা চোপ্ৰা

অন্যহাতে প্ৰিয়াংকা নিকৰ বিয়াত হলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷তাৰ ভিতৰত ড্ৰবেন জনচন,কানাডীয়ান অভিনেত্ৰী লিলী সিং,আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী তথা নৃত্যশিল্পী য়াস্মীন অল মচৰী,অমেৰিকাৰ অভিনেতা জোনাথন টক্কৰ,অভিনেত্ৰী এলিজাবেথ চেম্বাছ,আমেৰিকান গায়ক মাৰ্টিন গেৰিক্স,আমেৰিকাৰ গায়ক ফেংকী জোনাচ অন্যতম ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি