Begin typing your search above and press return to search.

পৰিচয় সংকটত ভূগা স্থানীয় মুছলিম সকলে "প্ৰকৃত বাসিন্দা" পৰিচয়ৰ দাবী জনাইছে

পৰিচয় সংকটত ভূগা স্থানীয় মুছলিম সকলে প্ৰকৃত বাসিন্দা পৰিচয়ৰ দাবী জনাইছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 April 2019 9:08 AM GMT

যথেষ্ট সংখ্যক বঙালী ভাষী মুছলিম সকলৰ মাজত স্থানীয় মুছলিম সকলে নিজৰ পৰিচয়ক লৈ তীব্ৰ সংকটত ভূগিছে । এন আৰ চি প্ৰক্ৰিয়াক'লৈ স্থানীয় মুছলিম সকলে ৰাজ্য চৰকাৰক " প্ৰকৃত বাসিন্দা" (original inhabitants) পৰিচয়ৰ দাবী জনাইছে ।

পূৰ্ব পাকিস্তানৰ মুছলিম আৰু বাংলাদেশী বুলি স্বীকৃতি দিয়া মুছলিম সকলৰ বাবে স্থানীয় মুছলিম সকলে বহু সময় সমস্যাৰ সন্মুখীন হব লগা হয়। স্থানীয় মুছলিম সকল হৈছে স্থানীয় জনগোষ্ঠীৰ পৰা মুছলিম ধৰ্ম লোৱা অথবা মোগল-আহোম যুদ্ধৰ সময়ত বন্দী হিচাপে থকা সকল । সেয়েহে এই সকল মুছলিমৰ এক সুকীয়া পৰিচয় আছে যি তেওঁলোকৰ ৰক্ষা কবজ বুলি প্ৰকাশ কৰে প্ৰতিস্থিত অধিবক্তা আৰু সমাজকৰ্মী নেকিবুৰ জামানে । নেকিবুৰ জামানে স্থানীয় মুছলিম সকলৰ কাৰন সমুহ প্ৰকাশ কৰে।

নেকিবুৰ জামানৰ লগতে বহুতো গোষ্ঠীটোৰ আন সদস্যয়ে বিজেপি নেতৃত্বাধীন চৰকাৰ খনক ৰক্ষা কবজ হিচাপে অ আই (original inhabitants) ৰ পৰিচয় বিচাৰিছিল । ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজ নিশাৰ ভিতৰত অহা বঙালী ভাষী মুছলিম সকলৰ বিৰুদ্ধে নিজৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ স্থানীয় মুছলিম সকলে অ আই ( Original inhabitants) দাবী জনাইছে ।

বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে স্থানীয় অসমীয়া মুছলিম সকলক ৰক্ষা কবজ দিয়া কথা প্ৰকাশ কৰিছিল বুলি প্ৰকাশ কৰে ডঃ চাদিক আলমে । লগতে ডঃ আলমে প্ৰকাশ কৰে যে বিজেপি চৰকাৰে ২০১১, ২০১৪ আৰু ২০১৬ চনৰ নিৰ্বাচনৰ মেনিফেষ্টত স্থানীয় মুছলিম সকলৰ জনগণনাৰ প্ৰতিশ্ৰুতি দিছিল । গৰিয়া, মৰিয়া আৰু দেশীয় সকলক পৰিচয় সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে প্ৰকাশ কৰে যে ৰাজ্যত ১.১৮ কোটি মুছলিম আছে । ইয়াৰে ৪২ লাখ গৰিয়া, মৰিয়া, উজানিচ, দেশীয়, জলাচ, পইমালচ আদি স্থানীয় মুছলিম আছে আৰু বাকী সকল ১৩ শতিকাত মোগল - আহোম যুদ্ধৰ কয়দি সকল আৰু মুছলিমলৈ পৰিবৰ্তন হোৱা মুছলিম ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি