Begin typing your search above and press return to search.

পৰিৱৰ্তন হ’ল চৰকাৰঃ কিন্তু উপেক্ষিত হৈ ৰ’ল অসম চুক্তিৰ ষষ্ঠ অনুসূচী

পৰিৱৰ্তন হ’ল চৰকাৰঃ কিন্তু উপেক্ষিত হৈ ৰ’ল অসম চুক্তিৰ ষষ্ঠ অনুসূচী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2019 7:38 AM GMT

চৰকাৰ পৰিৱৰ্তন হ’ল ৷ গঠন হ’ল মন্ত্ৰী মণ্ডলৰ উপ সমিতি ৷ কিন্তু মহত্ত্বপূৰ্ণ অসম চুক্তিৰ ষষ্ঠ অনুচ্চেদৰ সন্দৰ্ভত সিদ্ধান্ত ন’ললে সমিতি কিম্বা চৰকাৰে ৷ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ তথা বিজেপি চৰকাৰৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰেও অসম চুক্তি ষষ্ঠ অনুচ্চেদৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ন’হল। মন্ত্ৰী মণ্ডলৰ উপসমিতিৰ এক তথ্য অনুসৰি ৰাজ্য চৰকাৰে কেন্দ্ৰক এই মহত্ত্বপূৰ্ণ বিষয়টোৰ ওপৰত যিকোনো সিদ্ধান্তত লোৱাৰ আবেদন কৰে ৷ ইফালে সময়ে সময়ে গঠিত মন্ত্ৰী মণ্ডলে উপসমিতিৰ লগত বৈঠকো অনুষ্ঠিত কৰে ৷ কিন্তু হিতাধিকাৰ সকলৰ মাজত কোনো সিদ্ধান্ত উপনীত হোৱাত বিফল হয় ৷

অন্যহাতে এই বিষয়টোৰ সন্দৰ্ভত মন্ত্ৰী ড° ভূমিধৰ বৰ্মনৰ নেতৃত্বত চাৰিখন বৈঠক অনুষ্ঠিত হয় ৷২০১১ চনত কংগ্ৰেছ যেতিয়া তৃতীয়বাৰ শাসনৰ গাদীত অধিস্থিত হয় তেতিয়া এনে বৈঠক তৈয়াৰ কৰা হৈছিল ৷সেই সময়ৰ মন্ত্ৰী পৃথ্বী মাঝীৰ অধ্যক্ষতাত হোৱা আঠ জন সদস্যৰে এই সদস্যৰে তিনিখন বৈঠক অনুষ্ঠিত কৰে ৷ইয়াৰ পিছত ২০১৬ চনৰ বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত এখন কমিটী গঠন কৰে। অৱশ্যে এই বৈঠক খনৰ সম্প্ৰতি দুখন বৈঠক অনুষ্ঠিত হৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে ৷

ইফালে অসম চুক্তিৰ ষষ্ঠ অনুসূচীৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰ্যালয়ে দ্বিতীয় বাৰৰ কাৰণে গঠিত উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ অধিকাংশ সদস্যই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ প্ৰাকমুহুৰ্তত বাহিৰ হয় ৷ ইফালে লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছত অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰাজপথ উত্তাল কৰে জনসাধাৰণে ৷সম্প্ৰতি এই সমূহ ৰাজনৈতিক পৃষ্ঠভূমিৰ ক্ষেত্ৰত অসম চৰকাৰে কেনেধৰণে পদক্ষেপ ল’ব সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি