Begin typing your search above and press return to search.
পৰীক্ষা কৰা হ’ব অন্ধ্ৰ প্ৰদেশৰ পৰা অহা মাছ

ধাৰাবাহিক ভাৱে বজাৰত ফৰ্মেলিনযুক্ত মাছৰ বিপক্ষে চলিব পৰীক্ষণ অভিযান।ফৰ্মেলিনযুক্ত মাছ পালেই ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থা।এই মন্তব্য আগবঢ়ায় স্বাস্থ্য মন্ত্ৰী পীয়ূচ হাজৰিকাই।খাদ্য সুৰক্ষা বিভাগে বামুণীমৈদামৰ ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰত পৰীক্ষা কৰিব তিনিটা প্ৰজাতিৰ মাছৰ নমুনা।অন্ধ্ৰ প্ৰদেশৰ তিনি বিষয়াই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আজি বিয়লি প্ৰকাশ কৰিব ফলাফল। এতিয়াৰ পৰা বজাৰত অব্যাহত থাকিব মাছৰ ফৰ্মেলিন পৰীক্ষণ,এই তথ্য প্ৰকাশ কৰিলে খাদ্যৰ মান নিৰূপক অনুপম গগৈয়ে।
Next Story