Begin typing your search above and press return to search.

পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি হল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 10:24 AM GMT

দৰং জিলাৰ একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যান ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰে প্ৰকৃতি প্ৰেমী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অবৈতনিক বন্যপ্ৰাণী সংৰক্ষণ প্ৰাধিকাৰী ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকাই। বন বিভাগৰ মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ অধিনৰ এই উদ্যানখন এতিয়া ব্যঘ্ৰ প্ৰকল্প হিচাপে স্বীকৃতি লাভ কৰিছে।

৭৯.২৮ বৰ্গ কিল'মিটাৰ ব্যাসাৰ্ধৰ এই উদ্যানখনত ঘনত্ব অনুসৰি এচিয়া মহাদেশৰ ভিতৰত সৰ্বাধিক বাঘ থক উদ্যান হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ জৰিপ অনুসৰি এই ওৰাং ব্যঘ্ৰ প্ৰকল্প তথা ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনত ২৪ টা বাঘ আছে। ইয়াৰোপৰি ১০১ টা গঁড়, সহস্ৰাধিক হৰিণা, নল গাহৰি, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, কেটেলা পহু, বিলুপ্তপ্ৰায় উলুম'ৰা চৰাই, ধৃতৰাজ চৰাই, ৰংকু, বিভিন্ন পৰিভ্ৰমী চৰাই, শিহু, কাছ আদিৰ ওপৰিও দূৰ্লভ প্ৰজাতিৰ বৰকা চেং আদি আছে উদ্যানখনত।

আজি অনুষ্ঠিত মুকলি সভা মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ৰমেশ কুমাৰ গগৈয়ে আঁত ধৰি অনুষ্ঠানত ওৰাং ৰাষ্ট্ৰীয় উদ্যান খন বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত স্থান বুলি কয়। এই উদ্যানখন এশ বছৰীয়া ইতিহাস সম্বলিত বুলি কৈ তেওঁ কয় যে, ৰজা মহাৰজাৰ মৃগ চিকাৰৰ এক স্থান আছিল ওৰাং অভয়াৰণ্য। ১৯৮৫ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবসিত হোৱা এই উদ্যানখন ২০১৬ চনত ব্যঘ্ৰ প্ৰকল্প হিচাপে চৰকাৰে ঘোষণা কৰে।

উদ্যানখন এইবছৰৰ বাবে মুকলি কৰি দিয়া ভাষণত ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকাই কয় যে, জন অৰণ্যৰ মাজত থকা এই অৰণ্যখনৰ বহু সমস্যা আছে। ১৯৯৬ চনৰ পৰা এই অৰণ্য খনৰ লগত সম্পৰ্ক স্থাপন কৰা হাজৰিকাই তেতিয়াৰে পৰা কেৱল সমস্যাই দেখি আহিছে বুলি কয়। পূৰ্বতে এইখন উদ্যানত অত্যাধিক গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল যদিও বিগত চৈধ্য মাহে বনকৰ্মী আৰু দৰং আৰক্ষীৰ সক্ৰিয়তাৰ বাবে এটাও গঁড় হত্যা কৰিব পৰা নাই বুলিও তেওঁ উল্লেখ কৰে।

গঁড়ৰ খড়্গত বিশেষ একো প্ৰয়োজনীয় বস্তু নাই যদিও অন্ধবিশ্বাসৰ বাবে গঁড়ৰ খড়্গৰ ব্যৱসায় এচাম লোকে গঢ়ি তুলিছে বুলি তেওঁ কয়। মুকলি অনুষ্ঠানত ছাত্ৰনেতা হিমাদ্ৰী কুমাৰ শৰ্মা, আমছুৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি তথা প্ৰকৃতি প্ৰেমী মোছাব্বিৰুল হক, ওদালগুৰিৰ এ চি এফ নৱ বৰদলৈ, ৰঙিয়াৰ এ চি এফ নৃপেন কলিতা, শ্যামপুৰ থানাথ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতা, শিলবড়ী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দৈমাৰী আদি উপস্থিত আছিল।

Next Story
চাকৰি