Begin typing your search above and press return to search.

ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম সময় সীমা ৩০ জানুৱাৰীলৈ বৃদ্ধি

ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম সময় সীমা ৩০ জানুৱাৰীলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 6:43 AM GMT

বৃদ্ধি কৰা হ'ল ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম সময় সীমা। ভাৰতীয় নিৰ্বাচন আয়োগে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম সময় ৩০ জানুৱাৰীলৈ বৃদ্ধি কৰিছে। সময় সীমা বৃদ্ধিৰ কৰিছে যদিও অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে ৰাজ্যত আগন্তুক লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো যাবতীয় প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। প্ৰথমে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম দিন ২০১৯ চনৰ জানুৱাৰী মাহৰ ৪ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগে ভাৰতীয় নিৰ্বাচন আয়োগক জানুৱাৰী মাহৰ শেষলৈ প্ৰথমে সময় সীমা বৃদ্ধিৰ বাবে অনুৰোধ কৰিছিল।

ভাৰতীয় নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় চাৰ্ভাৰ ইনোনেটে বিগত সময়ছোৱাত অসমত ফটোযুক্ত ভোটাৰ তালিকা প্ৰস্তুতৰ কাৰণে যথেষ্ট লেহেমীয়া গতিৰে কাম-কাজ আৰম্ভ কৰিছিল। ইনোনেটৰ কাম-কাজৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগে ফটো যুক্ত ভোটাৰ তালিকা প্ৰকাশৰ অন্তিম সময়সীমা জানুৱাৰী মাহৰ শেষলৈ বৃদ্ধি কৰাটো বিছাৰিছিল। দেশৰ পৰবৰ্তী লোকসভা নিৰ্বাচন ফটোযুক্ত ভোটাৰ তালিকা অনুসৰি অনুষ্ঠিত কৰা হব। অসমৰ ২০১৯ চনৰ ফটোযুক্ত ভোটাৰ তালিকাৰ খচৰাত মুঠ ২১৪১৬৪৮৭ জন লোকৰ নাম অন্তৰ্ভুক্ত হৈছে যাৰ ভিতৰত ১০৯০৫৪৮৪ জন পুৰুষ, ১০৩৪১২১৪ জন মহিলা আৰু ৪৩৯ জন তৃতীয় লিংগৰ ব্যক্তি। দিশপুৰ বিধান সভা সমষ্টিত সৰ্বাধিক ৩৭২০৬২ জন ভোটাৰ আছে, ইয়াৰ বিপৰীতে শিৱসাগৰ জিলাৰ অন্তৰ্গত থৌৰা বিধানসভা সমষ্টিত ১০৫৩৪৯ জন জনসংখ্যাৰে আটাইতকৈ কম ভোটাৰ আছে।

অসমৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰাথমিক সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। ৰাজ্যখনৰ অন্তৰ্গত ১৪ টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ভিভিপিএটি মেচিন ইতিমধ্যে অসমৰ নিৰ্বাচনী আয়োগৰ কাৰ্য্যলয়ত মজুত কৰি ৰখা হৈছে। অসমত প্ৰায় ৩৩০০০ টা ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ৩৮০০০ ভিভিপিএটি মেচিন লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজন হব।ভাৰত বৰ্ষৰ আগন্তুক লোকসভা নিৰ্বাচনৰ তাৰিখ মাৰ্চ মাহৰ ভিতৰত ঘোষণা কৰাৰ সম্ভাষণা আছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি