Begin typing your search above and press return to search.

ফাঁচীবজাৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত

ফাঁচীবজাৰত ভয়ংকৰ বিস্ফোৰণ সংঘটিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 7:28 AM GMT

ফাঁচীবজাৰৰ মহাত্মা গান্ধী পথত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ । মাটিত দ'মত সংঘটিত হৈছে এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত এখন পকাৰ বেৰাৰ লগতে ফুটপাথৰ ৰেলিং ভাঙি চুৰমাৰ হৈছে।বিস্ফোৰণত চাৰি লোক আহত হৈছে।আহত কেইজন হাতীগাঁৱৰ টাইফুদ্দিন আহমেদ, বামুনীমৈদামৰ কল্পজ্যোতি তালুকদাৰ, নাৰু দাস আৰু বিনিতা দাস বুলি জানিব পৰা গৈছে।নাৰু দাস আৰু বিনিতা দাস মটৰচাইকেলত গৈ আছিল বুলি জানিব পৰা গৈছে । তেওঁলোকক ইতিমধ্যে এমএমচি হস্পিতালত ভৰ্তি কৰা হৈছে।ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলিত উপস্থিত হৈছে।বোমা বিশেষজ্ঞ দল ইতিমধ্যে আহি থকা বুলি জানিব পৰা গৈছে।তেওঁলোক আহি পোৱাৰ পাছতহে কি বিস্ফোৰণ জানিব পৰা গৈছে।আৰক্ষীৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা ২০০ মিটাৰ আতৰত সংঘটিত হৈছে ঘটনাটো।দূৰ্গা পুজাৰ প্ৰাগমূহুতত এনে ঘটনাই শংকিত কৰি তুলিছে মহানগৰবাসীক।ঘটনাস্থলীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া উপস্থিত হৈছে বুলি জানিব পৰা গৈছে।বোমা বিস্ফোণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ ।

Next Story
চাকৰি