Begin typing your search above and press return to search.

ফাঁচীবজাৰৰ বোমা বিস্ফোৰণক কেন্দ্ৰ কৰি সৰ্বত্ৰে উত্তেজনা অব্যাহত

ফাঁচীবজাৰৰ বোমা বিস্ফোৰণক কেন্দ্ৰ কৰি সৰ্বত্ৰে উত্তেজনা অব্যাহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2018 12:42 PM GMT

শাৰদীয় দূৰ্গোৎসৱৰ প্ৰাকক্ষণত মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটৰ সমীপত সংঘটিত হয় এক ভয়ানক বোমা বিস্ফোৰণ। শনিবাৰে দিনৰ প্ৰায় ১২ বজাত ভয়ানক শব্দৰে কপি উঠে শুক্ৰেশ্বৰ মন্দিৰৰ সমীপবৰ্তী অঞ্চল। বিস্ফোৰণত এগৰাকী মহিলা সহ মুঠ চাৰিজন লোক আহত হয় । আহত বিনীতা দাস, কল্পজ্যোতি তালুকদাৰ, শংকু দাস আৰু তাইফুদ্দিন আহমেদক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় মহেন্দ্ৰ মোহন হাস্পাতালত। বৰ্তমান আঘাত প্ৰাপ্ত সকল চিকিৎসালয় কতৃপক্ষ‌ই বিপদ মুক্ত বুলি জনায় ।

বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত ফুটপাথৰ ৰেলিঙ ভঙাৰ লগতে চিটি বাছ এখনৰো কিছু ক্ষতিসাধন হয় । বিস্ফোৰণৰ পাছত শুক্ৰেশ্বৰ ঘাটত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শ‌ইকীয়াৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত হয়। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিব বুলি জনায় । ঘটনাস্থলীত উপস্থিত হৈ অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই পদপথৰ দোকানবোৰ উঠোৱাৰ লগতে ৰাইজৰ সহযোগত শান্তিপূৰ্ণ আইন শৃংখলা অব্যাহত ৰাখিবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা হাতত লব বুলি সদৰি কৰে ।

আনহাতে আলফা স্বাধীনে মহানগৰীৰ শুক্ৰেশ্বৰ ঘাটত সংঘটিত বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে আৰু এনআৰচি ক লৈ ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে প্ৰতিবাদ জনাই এই বিস্ফোৰণ সংঘটিত কৰা বুলি সংবাদ মাধ্যমক ফোনযোগে জনাই আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই । বৰ্তমানে পানবজাৰ, ফাছি বজাৰ অঞ্চলত চেপা সৰ্বসাধাৰণক কিছু আতংকিত কৰি ৰাখিছে ।

Next Story
চাকৰি