ফানি ঘূৰ্ণি বতাহৰ ফলত সম্ভাৱনীয় ক্ষতি ৰোধৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ

ফানি ঘূৰ্ণি বতাহৰ ফলত সম্ভাৱনীয় ক্ষতি ৰোধৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ
Published on

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ফানি ঘূৰ্ণি বতাহৰ ফলত হব পৰা ক্ষতি ৰোধ কৰিবলৈ যিকোনো ব্যবস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ দিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফানি ঘূৰ্ণি বতাহে সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ বিভাগীয় বিষয়াক কোৱা হৈছে বুলি প্ৰকাশ কৰে। ক্ষতিগ্ৰস্থ ৰাজ্য সমূহতো চৰকাৰী বিষয়া সকলৰ সৈতে কাম কৰিবলৈ কোৱা হৈছে । লগতে সকলোৰে নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰিছো বুলিও প্ৰকাশ কৰে । "

বতৰ বিভাগে দেওবাৰে প্ৰকাশ কৰে যে ফানি ঘূৰ্ণি বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা বংগোপ সাগৰৰ দিশৰ পৰা ক্ষিপ্ৰ গতিৰে আগ বাঢ়িছে বুলি প্ৰকাশ কৰে।

উৰিষ্যাৰ দুৰ্যোগ প্ৰশমন বিভাগে প্ৰকাশ কৰে যে যি গতিত ফানি ঘূৰ্ণি বতাহে অতিক্ৰম কৰিছে ৩ মেৰ ভিতৰত পুদুছেৰী, তামিল নাডু আৰু দক্ষিণ অন্ধ্ৰ প্ৰদেশ অতিক্ৰম কৰিব । মাচিলিপট্টনাম, কৃষ্ণাপট্টনাম, নিযাপট্টনাম, বিশাখাপট্টনম, গাংগাবাৰাম আৰু কাকিনাদাত ফানি ঘূৰ্ণি বতাহৰ ফলত অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

বিশাখাপট্টনমৰ এজন বিষয়ায়ে প্ৰকাশ কৰে যে দক্ষিণ অন্ধ্ৰ প্ৰদেশত ৪,৫ দিনত ফানি ঘূৰ্ণি বতাহে অতিক্ৰম নকৰে । উত্তৰ পশ্চিম দিশতহে ফানি ঘূৰ্ণি বতাহ অতিক্ৰম কৰিব বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com