Begin typing your search above and press return to search.

“ফানেই খান”ৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন,২.১৫কোটি

“ফানেই খান”ৰ প্ৰথম দিনৰ বক্স অফিচ কালেক্টচন,২.১৫কোটি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:00 AM GMT

ছবি চায় ভালপোৱা সকলৰ বাবে যোৱা কেইবাসপ্তাহ ধৰি অতি সুন্দৰ হৈ আছে।যোৱা কেইবা সপ্তাহ ধৰি বহু ধৰনৰ নতুন নতুন ছবি মুক্তি পালে দৰ্শক সকলৰ বাবে। যোৱা শুক্ৰবাৰে আৰু এখন ছবি মুক্তি পালে,সেইখন হৈছে "ফানেই খান"।ছবি খনে ইতিমধ্যে মানুহৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।নহ'বনো কিয়,কাৰন ১৮বছৰৰ পিছত অনিল কাপুৰ আৰু ঐশ্বৰিয়া ৰায় বচ্চনক একেলগে অন' স্ক্ৰীন দেখা পোৱা গৈছে।

ছবি খনৰ নিৰ্দেশক অতুল মাঞ্জেকাৰ।প্ৰথম দিনাই ছবি খনে ২.১৫কোটি টকা বুটলিবলৈ সক্ষম হৈছে,লগতে শনিবাৰ আৰু অহা দেওবাৰে আৰু বাঢ়িব বুলি আশা কৰা হৈছে।

অনিল কাপুৰ আৰু ঐশ্বৰিয়া ৰায় বচ্চনৰ উপৰিও ছবি খনত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও,পিহু চান্দ আৰু দিব্যা দত্তই। ছবি খন মুলতঃ এগৰাকী পিতৃয়ে এগৰাকী পপ গায়কক অপহৰন কৰে যাতে তেওঁৰ নিজৰ ছোৱালীয়ক এগৰাকী ভাল গায়িকা হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰে।আশা কৰিব পাৰি অনাগত সময়ত ছবি খনে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব।

Next Story
চাকৰি