ফুলদানীত পৰিণত হৈছে নামবৰ বাগান পানী যোগান আঁচনি

ফুলদানীত পৰিণত হৈছে নামবৰ বাগান পানী যোগান আঁচনি
Published on

অসম চৰকাৰে গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে যদিও এই আচঁনিবোৰৰ লগত জড়িত এচাম বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু সম্পূৰ্ণ দায়িত্বজ্ঞানহীনতাৰ হেতু বহু আঁচনি প্ৰহসনত পৰিণত হৈছে ৷ এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰি বিভাগে ২০১৪ চনতেই স্থাপন কৰা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দেওঁপানী স্বায়ত্ব পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নামবৰ বাগান পানী যোগান আঁচনি খনৰ কথাকে ক’ব পাৰি ৷চাৰি বছৰ পূৰ্বে নিমাণ কৰা এই পানী যোগান আচনিটোৰ পৰা আজিলৈকে নোলাল এক টোপাল‌ও বিশুদ্ধ খোৱা পানী । এই ব্যয়বহুল আঁচনি খন চাৰি বছৰ ধৰি কাৰ্য্যক্ষম নোহোৱাটোৱে তাকেই প্ৰমানিত কৰিছে ৷ ৰাজকোষৰ বৃহৎ অংকৰ ধন ব্যায় কৰি বিয়াগোম বিভাগটোৱে এক ফুলদানীহে প্ৰস্তুুত কৰিছে বুলি স্থানীয় গঞাই ক্ষোভ উজাৰিছে।

এনেদৰে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে দীৰ্ঘদিনে আঁচনিখন কাৰ্য্যক্ষম নোহোৱাত বৃহত্তৰ অঞ্চলবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে । বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলে বীজাণু যুক্ত পানী সেৱন কৰি নানান ধৰণৰ বেমাৰ -আজাৰত আক্ৰান্ত হৈ দিনে- দিনে ৰোগাক্ৰান্ত হৈ পৰিছে । আনকি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাৰ ফলতেই প্ৰায়েই এই অঞ্চলৰ গঞা লোকসকল ডায়েৰীয়া,কলেৰা আদিৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আহিছে বুলি জানিব পৰা গৈছে ।কোৱা বাহুল্য মাথোন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শিলনীজান উপ সংমণ্ডল কাৰ্যালয়ৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত এই আঁচনিখনে আজিকোপতি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় হিচাপে চিহ্নিত হৈছে । অতি শীঘ্ৰেই এই খোৱা পানী যোগান আচনিটোৰ শুভাৰম্ভৰ দ্বাৰা যাতে স্থানীয় ৰাইজ উপকৃত হয় তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে শান্তিপুৰ ও নামবৰ বাগান বাসী ৰাইজে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com