Begin typing your search above and press return to search.

ফেচবুকত অসমীয়া বিৰোধী অশ্লীল মন্তব্য কৰি ৰঙাঘৰত সোমাল যুৱক

ফেচবুকত অসমীয়া বিৰোধী অশ্লীল মন্তব্য কৰি ৰঙাঘৰত সোমাল যুৱক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2018 1:14 PM GMT

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে ফেচবুকত অসমীয়া বিদ্যেশী মন্তব্য কৰি ৰঙাঘৰত সোমাল এজন বিশেষ সম্প্ৰদায়ৰ যুৱক ৷ বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত কদমতলাৰ উত্তম বৈশ্য নামৰ হিন্দু বঙালী লোক জনে বিগত ২৪ অক্টোবৰত ফেচবুকত আপডেট দিছিল অসমীয়া বিৰোধী অশ্লীল মন্তব্য ৷

যুৱক জনৰ পোষ্টটো ভাইৰেল হৈ পৰাৰ লগে লগে জাঙুৰ খাই উঠে বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থা ৷ বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ঘটনা সন্দৰ্ভত বৰবৰী আৰক্ষী থানাত যুৱক জনৰ বিৰুদ্ধে গোচৰ এখন এজাহাৰ প্ৰদান কৰে ৷ ছাত্ৰ সংগঠন টোৰ এজাহাৰৰ ভিত্তিত বৰবৰী আৰক্ষী থানাৰ এটি আৰক্ষীৰ দল উত্তম বৈশ্যৰ ঘৰত উপস্থিত হয় যদিও আৰক্ষী অহাৰ পুৰ্বে পলায়ন কৰিছিল উত্তম বৈশ্য নামৰ যুৱক জনে ৷

কিন্তু অৱশেষত বৃহস্পতিবাৰে উত্তম বৈশ্য নামৰ জাতিদ্ৰোহী যুৱকজনে বৰবৰী আৰক্ষী থানাত আত্ম সমৰ্পন কৰি নিজৰ ভুলৰ কথা স্বীকাৰ কৰে ৷ সম্প্ৰতি বৰবৰী আৰক্ষীৰ জিম্মাত আছে জাতিদ্ৰোহী উত্তম বৈশ্য

Next Story
চাকৰি