Begin typing your search above and press return to search.

ফেডাৰেশ্যন কাপত ৪০০ মিটাৰত জয়ী হিমা দাস

ফেডাৰেশ্যন কাপত ৪০০ মিটাৰত  জয়ী হিমা দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 March 2019 12:44 PM GMT

ফেডাৰেশ্যন কাপত জিলিকি উঠিল অসম কন্যা হিমা দাস ।ফেডাৰেশ্যন কাপত হিমা দাসৰ দুৰ্দ্দান্ত প্ৰদৰ্শন হিমা দাসৰ ।পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৫২,৮৮ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰি জয়ী হবলৈ সক্ষম হয় হিমা দাস । দ্বিতীয় স্হানত ক্ষান্ত থাকে এম আৰ পুভাম্মা । কৰ্ণাটকা এম আৰ পুভাম্মাই ৫৩,১৫ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি দ্বিতীয় স্থানত থাকে । আনহাতে গুজৰাটৰ শ্বাৰিটা বেনে ৫৩,২৩ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি তৃতীয় স্থান দখল কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে ৬ মাহৰ বিৰতিৰ পিছত হিমা দাসৰ ফেডাৰেশ্যন কাপত দুৰ্দ্দান্ত প্ৰদৰ্শন । ফেডাৰেশ্যন কাপ অনুষ্ঠিত হৈছে পাঞ্জাবৰ পাটিয়ালাত । ছেমি ফাইনেলত ৫৩,৪০ মিনিটত অতিৰিক্ত কৰি চতুৰ্থ স্হান দখল কৰিবলৈ সক্ষম হৈছিল । হিমা দাসে প্ৰতিদন্দ্বি দুৰন্ত এম আৰ পুভাম্মাক হৰুৱাবলৈ সক্ষম হয় । হিমা দাসৰ সৰ্বশ্ৰেষ্ঠ সময় ৫০.৭৯ ছেকেণ্ড। জাকাৰ্টা এছিয়ান গেমছত হিমাই গঢ়িছিল এই বিৰল অভিলেখ। ছেমি ফাইনেলতকৈ ১.৪৮ ছেকেণ্ড কম সময়ত সম্পন্ন দৌৰ। পঞ্জাবৰ পাটিয়ালাত অনুষ্ঠিত হৈছে ২৩সংখ্যক ফেডাৰেচন কাপ।

ফেডাৰেশ্যন কাপত জয়ী হোৱাৰ পাছত এতিয়া হিমা দাসৰ লক্ষ্য হল ২৬ এপ্ৰিলত দহাত অনুষ্ঠিত হব লগা এছিয়ান এথলেটিক চেম্পিয়নশ্বীত জয়ী হোৱা।

হিমা দাসৰ প্ৰশিক্ষকে প্ৰকাশ কৰে হিমা দাসে ২০২০ ত টকিঅত অনুষ্ঠিত হব লগা অলিম্পিকৰ বাবে এতিয়াৰে পৰা কঠোৰ অনুশীলন আৰম্ভ কৰিছে ।

ফেডাৰেশ্যন কাপত জয়ী হোৱাৰ পাছত হিমা দাসে দহাত অনুষ্ঠিত হব লগা এছিয়ান এথলেটিক চেম্পিয়নশ্বীত অংশগ্ৰহন কৰিবলৈ সুবিধা পাব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি