Begin typing your search above and press return to search.

ফেনি ঘূৰ্ণি বতাহৰ বাবে অসমত হাই এলাৰ্ট জাৰি কৰিছে

ফেনি ঘূৰ্ণি বতাহৰ বাবে অসমত হাই এলাৰ্ট জাৰি কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 May 2019 6:11 AM GMT

বৃহস্পতি বাৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই প্ৰকাশ কৰে যে অসমত ঘূৰ্ণি বতাহ "ফেনি " ৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে আৰু প্ৰয়োজনীয় সকলো খিনি ব্যবস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে । লগতে এচ ডি আৰ এফ আৰু এন ডি এৰ এফকো সতৰ্ক থাকিবলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰে।

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰিচালক দিলিপ চাহায়ে প্ৰকাশ কৰা মতে ফেনি ঘূৰ্ণি বতাহে কেইবাখনো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত ক্ষতি কৰিব । শুকুৰবাৰে উৰিষ্যাত ঘূৰ্ণি বতাহ ফেনিয়ে অগ্ৰসৰ হোৱাৰ পাছতহে উত্তৰ পূৰ্বাঞ্চলত ফেনিয়ে কিমান ক্ষতি কৰিব সেয়া গম পোৱা যাব বুলি প্ৰকাশ কৰে দিলিপ চাহায়ে । আজি অসমত ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে আৰু ৪ তাৰিখলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ৪,৫ তাৰিখে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে । ৪ তাৰিখে অসম আৰু মেঘালয়ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মনিপুৰ আৰু মিজোৰাম , ত্ৰিপুৰা ৪ তাৰিখে কিনকিনীয়া বৰষুণ দিব ।

বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে ফেনি ঘূৰ্ণি বতাহে আজি উৰিষ্যাৰ উপকূল অঞ্চলত খুন্দিয়াব । ঘন্টাই প্ৰতি ১৮০ ৰ পৰা ২০০ কিলোমিটাৰ গতিত অগ্ৰসৰ হৈছে ফেনি । উৰিষ্যাৰ চৰকাৰে লোক সকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।

উৰিষ্যাত অসমৰ বহু পৰ্যটক বন্দী হৈ থকা লোকসকলৰ নিৰাপদে স্থানান্তৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য সচিব আলোক কুমাৰক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য সচিবক এন এফ ৰেলৱে বিভাগৰ লগত কথা পাতি আবদ্ধ লোকসকলক নিৰাপদে ওভতাই আনিবলৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেষ গোস্বামীয়ে উৰিষ্যাত আবদ্ধ হৈ থকা লোক সকলৰ লগত ফোন যোগে কথা পাতিছিল আৰু লগতে কয় যে তেওঁলোকক নিৰাপদে অসমলৈ ঘূৰাই আনিবলৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে । বৃহস্পতি বাৰে দিনৰ ১২ বজাত প্ৰথম ৰেল পুৰীলৈ ৰাওনা হৈছে আৰু দ্বিতীয় খন ৩ বজাত আৰু তৃতীয় খন ৰেল ৬ বজাত ৰাওনা হৈছে বুলি জানিবলৈ দিয়ে ।

এন এফ আৰ বিষয়ায়ে জনোৱা মতে দক্ষিণ ভাৰতৰ ৰাজ্য সমুহ আৰু অসমৰ মাজত চলাচল কৰিব লগা ৬ খন ৰেল বাতিল কৰা হৈছে । ২ মে আৰু ৭ মেৰ ভিতৰত চলাচল কৰিব লগা ৬ খন ৰেল বাতিল কৰা হৈছে বুলি প্ৰকাশ কৰে এন এফ আৰ বিভাগৰ মুখ্য সংযোগ বিষয়া প্ৰনব জ্যোতি শমাই।

বাতিল কৰা ৰেল সমূহ হৈছে শিলচৰ- তিৰুভান্নাথাপুৰামত চেন্ট্ৰেল এক্সপ্ৰেছ, তিৰুভান্নাথাপুৰামত চেন্ট্ৰেল-শিলচৰ এক্সপ্ৰেছ, গুৱাহাটী- চিকান্দবাদ এক্সপ্ৰেছ, চিকান্দবাদ- গুৱাহাটী এক্সপ্ৰেছ, ডিব্ৰুগড়-তামবাৰাম এক্সপ্ৰেছ আৰু তামবাৰাম- ডিব্ৰুগড় এক্সপ্ৰেছ ।

বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ডিডিজিএম সঞ্জয় চাওয়ে কয় ৩ মেত ফেনি ঘূৰ্ণি বতাহে খুন্দিয়াব । উত্তৰ-উত্তৰ পূৱ দিশে গতি কৰিব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি