Begin typing your search above and press return to search.

বকোত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মীভূত সাতখন দোকান

বকোত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণৰূপে ভস্মীভূত সাতখন দোকান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 May 2019 10:20 AM GMT

কামৰূপ জিলাৰ বকোত মংগলবাৰে পুৱা পৰমানন্দ বিপণন ক্ষেত্ৰত এক বিধ্বংসী অগ্নি কাণ্ড সংঘটিত হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ কাৰণে অগ্নি কাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰমানন্দ বিপণন ক্ষেত্ৰত স্বতাধিকাৰী ভাৰতী কলিতাই ৷ বিপণন ক্ষেত্ৰৰ ১০ খন দোকানৰ ভিতৰত সাতখন দোকানেই অগ্নি কাণ্ডত ভষ্মীভূত হয় ৷

প্ৰায় পাঁচ বজাত ইলেক্ট্ৰ’নিক সামগ্ৰীৰ দোকানৰ স্বতাধিকাৰী প্ৰণৱ কলিতাই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু বকোৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। ইফালে বকো আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ লগত যৌথভাৱে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে ,অগ্নিকাণ্ডত প্ৰায় ১ কোটিতকৈ অধিক টকাৰ সা সম্পত্তি নষ্ট হয় ৷

অন্যহাতে, বকো আৰক্ষী থানাৰ বিষয়া যোগেন্দ্ৰ বৰ্মনে এই ঘটনা সন্দৰ্ভত তদন্ত কৰা হৈছে বুলি মন্তব্য কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি