Begin typing your search above and press return to search.

বক্স অফিচত গলী বয়ৰ জয়যাত্ৰা

বক্স অফিচত গলী বয়ৰ জয়যাত্ৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2019 10:40 AM GMT

বক্স অফিচত ইখনৰ পিছত সিখন ছুপাৰহিট ছবি উপহাৰ দিয়া ৰণৱীৰ সিঙ আৰু আলিয়া ভাট্টৰ অভিনেতা গলী বয়ে ক্ৰিকেটৰ ৰাণৰ দৰে উপাৰ্জন কৰিছে ৷অৱশ্যে, ছবিখনে বুধবাৰে উপাৰ্জনৰ ক্ষেত্ৰত সাফল্যৰ মুখ দেখা নাছিল ৷জোয়া আখতাৰৰ ছবি গলী বয়ত আলিয়া ভাট্টে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ সম্প্ৰতি ছবিখনে ১০০ কোটি উপাৰ্জন কৰাৰ দিশত অগ্ৰসৰ হৈছে ৷ আশা কৰা হৈছে, এই সপ্তাহতে ছবিখনে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিব ৷

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বুধবাৰে ছবিখনে বক্স অফিচত সপ্তম দিনত প্ৰায় ৯৪ কোটি টকা উপাৰ্জন কৰিছে ৷ইফালে গলী বয়ে মুক্তিৰ চাৰি দিনত ৭১.২৫ কোটি টকা উপাৰ্জন কৰিছে ৷ছবিখনে মেট্ৰ’চহৰৰ বাহিৰত এক অসাধাৰণ উপাৰ্জন কৰিছে ৷অৱশ্যে মেট্ৰো চহৰৰ বাহিৰত সংগ্ৰহ সীমিত হৈছে ৷ছবি খনত ৰণৱীৰ সিঙে নাম ভূমিকাত অভিনয় কৰিছে ৷মুম্বাইৰ এটি পিছপৰা বস্তিৰ এজন ৰেপাৰ ৰণৱীৰ ৷জীৱনৰ প্ৰত্যেকটো স্তৰত সাফল্যৰ শিখৰ আৰোহন কৰি বাৰে বাৰে পৰাজয় হয় ৰনৱীৰ ৷কিন্তু শেষত সকলো বাধা অতিক্ৰম কৰি সফলতা লাভ কৰে ৰণৱীৰে ৷ইফালে ৬৯ সংখ্যক বাৰ্লিন ছবি মহোৎসৱত প্ৰদৰ্শিত হয় গলী বয়। ছবি খন মুক্তি লাভ কৰে চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত।

ইফালে গলী বয়”ছবিখনক মুক্তি দিয়া হৈছিল ৩৩৫০ টা ছবি গৃহত ৷ ছবি খনত আলিয়া ভাট্টে ৰনৱীৰ সিঙৰ গাৰ্লফেণ্ড সফীনাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ছবিখনৰ ট্ৰেইলৰে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ ট্ৰেইলৰটোত আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছিল সকলোকে ৷

ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহ মনকৰিবলগীয়া ৷ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি “চিম্বা”ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে “গলী বয়”ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷প্ৰত্যেক গৰাকী নিৰ্মাতায়ে কৰা বিশ্বাসেৰ কাৰণে ছবিসমূহত জীৱন্ত অভানয় কৰাৰ কথাও উল্লেখ কৰে অভিনেতা ৰনৱীৰ সিঙে৷

ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি “গলী বয়”ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷উল্লেখ্য যে সততে আলিয়া ভাট্টৰ ছবিয়েও বক্স অফিচত উপাৰ্জন ক্ষেত্ৰত যথেষ্ট ধুমুহাৰ সৃষ্টি কৰে ৷গতিকে বলীউডৰ এই দুগৰাকী ছুপাষ্টাৰৰ উপস্থিতিত গলী বয়ে যে ধুমুহাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story