বগীবিল দলংক অটল সেতু নামেৰে নামাকৰনৰ প্ৰস্তাৱ

বগীবিল দলংক অটল সেতু নামেৰে নামাকৰনৰ প্ৰস্তাৱ
Published on

যোৱা শুক্ৰবাৰে অনুষ্ঠিত হোৱা সংবাদ সন্মিলনৰ জৰিয়তে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বগীবিল দলংৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত হ'ব লাগে বুলি মত ব্যক্ত কৰে।

বিধায়ক জনে লগতে কয় যে,বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত উত্তৰ-পূৱৰ মানুহৰ বাবে বহু খিনি গুৰুত্ব প্ৰদান কৰাৰ লগতে অসমৰ জলন্ত সমস্যা সমূহতো অধিক গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দি বগীবিল দলং খন অটল সেতু হিচাপে নামাকৰন কৰিবলৈ দাবী জনায়।উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে অটল বিহাৰী বাজপেয়ীয়ে দনাৰ মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com